বৰপেটা, 8 জানুৱাৰীঃ পুৱাৰ হেঙুলী আভাৰে পূৱ আকাশ ৰাঙলী হোৱাৰ পৰা সাঁজ লগাৰ পাচত শেতেলিত পৰালৈকে এক গতানুগতিক পৰম্পৰাৰে চলে আমাৰ জীৱন ৷ ঈশ্বৰ উপাসনা প্ৰতিজন ব্যক্তিৰ জীৱনৰ অবিচিন্ন অংগ ৷ পুৱা সাৰ পাই ঈশ্বৰক চিন্তা কৰি আমি ভূমিত ভৰি থওঁ ৷ একেদৰে নিশা শোৱা পাটীত পৰিও আমি ঈশ্বৰক এবাৰ চিন্তা কৰোঁ ৷ এই আধ্যাত্মিকতাই আমাৰ জীৱনক বহুখিনি নিয়ন্ত্ৰণ কৰে ৷ অসমীয়া সমাজ আৰু ব্যক্তি জীৱনত সত্ৰ-নামঘৰৰ প্ৰভাৱ অনন্য ৷
এইয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ ৷ বৰপেটাৰ জনসমাজক একত্ৰিত, সংগঠিত আৰু সু-শৃংখলিত কৰি ৰাখিছে এই অনুষ্ঠানে ৷ সত্ৰখনক বাদ দি কোনো কথাই ভাবিব নোৱাৰে বৰপেটাবাসীয়ে ৷ জনজীৱনত বৰপেটা সত্ৰৰ প্ৰভাৱ অপৰিসীম ৷
ব্ৰহ্মমূহুৰ্ততে সত্ৰৰ ঘাই দেউৰীয়ে আৰম্ভ কৰে প্ৰাতঃ কীৰ্তন ৷ সত্ৰৰ কীৰ্তন ঘৰৰ কাঠিত ভকতনী সকলে পুৱা নাম-প্ৰসংগ আৰম্ভ কৰে ৷ সেই প্ৰসংগৰ অন্তত কীৰ্তন ঘৰৰ ভিতৰত ভকতৰ প্ৰসংগ আৰম্ভ হয় ৷ সত্ৰত মহিলাক অগ্ৰাধিকাৰ দিয়া বিশেষ বৈশিষ্ট মন কৰিবলগীয়া ৷ ব্ৰহ্মমূহুৰ্তৰ পৰা নিশালৈ সত্ৰত চৈধ্য প্ৰসংগ কৰা হয় ৷ সুখ কিম্বা দুখ সকলো বিষয়তে সত্ৰখনৰ সৈতে একাত্ম হৈ থাকে বৰপেটাবাসী ৷