বৰপেটা, ৩ নৱেম্বৰ: বৰপেটাৰ সৰ্থেবাৰীৰ ষ্টেট বেংক শাখাত শনিবাৰে পুৱতি নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ নিশা প্ৰায় 3 বজাত বেংকটোত তিনিজন ব্যক্তি প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷ তথ্য অনুসৰি শনিবাৰে নিশা ষ্টেট বেংকৰ শাখাটোত তিনিজন ব্যক্তি ক্ৰমে সৰ্থেবাৰী শাখাৰ শাখা বিষয়া সমীৰ ছেত্ৰী, সৰ্থেবাৰীৰ নসত্ৰ কৃষ্ণগুৰু শাখাৰ শাখা বিষয়া প্ৰহ্লাদ শইকীয়া আৰু ৰিংখং বাগলাৰী নামৰ এজন যুৱক প্ৰৱেশ কৰে ৷
অচিনাক্ত যুৱকৰ স'তে পুৱতি নিশা ষ্টেট বেংকত প্ৰৱেশ বেংক কৰ্মীৰ!! চাঞ্চল্য়.. - বৰপেটাৰ সৰ্থেবাৰীৰ ষ্টেট বেংক
বেংকটোৰ কাষতে থকা ATM সুৰক্ষাৰ দায়িত্বত নিয়োজিত দুই গৃহৰক্ষীয়ে বেংক বিষয়া কেইজনক অন্য যুৱকৰ স'তে পুৱতি নিশা বেংকত প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীক খবৰ দিয়া বুলি জানিব পাৰি বেংকত প্ৰৱেশ কৰা ব্যক্তি কেইজনে গৃহৰক্ষীদ্বয়ক প্ৰচণ্ড মাৰপিট কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বেংকটোৰ পৰা লোককেইজনক বাহিৰলৈ উলিয়াই আনে ৷
আনহাতে বেংকটোৰ কাষতে থকা ATM সুৰক্ষাৰ দায়িত্বত নিয়োজিত দুই গৃহৰক্ষীয়ে বেংক বিষয়া কেইজনক অন্য যুৱকৰ স'তে পুৱতি নিশা বেংকত প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীক খবৰ দিয়া বুলি জানিব পাৰি বেংকত প্ৰৱেশ কৰা ব্যক্তি কেইজনে গৃহৰক্ষীদ্বয়ক প্ৰচণ্ড মাৰপিট কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বেংকটোৰ পৰা লোককেইজনক বাহিৰলৈ উলিয়াই আনে ৷
উল্লেখ্য যে, বেংক কৰ্মচাৰীদ্বয়ৰ সৈতে থকা তৃতীয় ব্যক্তিজন গুৱাহাটীৰ ৰিংখং বাগলাৰী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আনহাতে নিশা অচিন যুৱকক লগত লৈ বেংকত প্ৰৱেশ কৰাৰ কোনো উত্তৰ নাই বেংক বিষয়া দুজনৰ হাতত ৷ উক্ত ঘটনাত আৰক্ষীৰ ভূমিকাও ৰহস্যজনক বুলি মন্তব্য কৰে স্থানীয় লোকে ৷ কাৰণ আৰক্ষীয়ে যুৱক কেইজনক গ্ৰেপ্তাৰ কৰি সোধপোছ কৰাৰ পৰিৱৰ্তে ব্যক্তিগত জামিনত মুকলি কৰি দিয়া বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷