অসম

assam

ETV Bharat / state

সৰ্থেবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 'কা' বিৰোধী প্ৰতিবাদ - বৰপেটাৰ সৰ্থেবাৰী

চৰকাৰৰ কঠোৰ নিয়মক ওফোৰাই অব্যাহত ৰাজ্যত চি এ এ বিৰোধী আন্দোলন ৷ বৰপেটাৰ সৰ্থেবাৰীত এই আইন বাতিলৰ পক্ষে বুধবাৰে অনুষ্ঠিত হয় এক গণ প্ৰতিবাদী সভা ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজিত সভাখনত কাৰাবন্দী নেতাসকলৰ মুক্তি বিচাৰি চৰকাৰক আবেদন জনোৱা হয় ৷

সৰ্থেবাৰী
চি এ এ বিৰোধী প্ৰতিবাদ

By

Published : Jan 8, 2020, 4:40 PM IST

বৰপেটা ৮ জানুৱাৰীঃ বিভিন্ন পন্থা অৱলম্বন কৰিও চৰকাৰে স্তিমিত কৰিব পৰা নাই কা বিৰোধী আন্দোলন ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৰ্তমানেও ৰাজ্যৰ চুকে-কোণে অব্যাহত আছে আন্দোলন ৷ বৰপেটাৰ সৰ্থেবাৰীত এই আইন বাতিলৰ পক্ষে বুধবাৰে অনুষ্ঠিত হয় এক গণ প্ৰতিবাদী সভা ৷

কাৰাবন্দী নেতাক মুক্তিৰ দাবী

কমলাবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আয়োজিত উক্ত সভাত আইনখন বাতিলৰ লগতে কৃষক নেতা অখিল গগৈসহ সকলো কাৰাবন্দী আন্দোলনকাৰীক বিনাচৰ্তে মুক্তিৰ দাবী তোলে সংগঠনটোৱে ৷ সভাত উপস্থিত প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ কোনো পৰিস্থিতিতে আইনখন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

লগতে চাওকঃভাৰত বন্ধৰ মাজতে ৰাজপথত সহস্ৰাধিক প্ৰতিবাদকাৰীঃ CAA ৰ বিৰোধিতাৰে উত্তাল নগাঁও

ABOUT THE AUTHOR

...view details