বৰপেটাৰোড,16 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত সৰভোগত কলেজ শিক্ষক সংস্থাৰ অৱস্থান ধৰ্মঘট ৷ সোমবাৰে অসম কলেজ শিক্ষক সংস্থাৰ আহ্বানত বৰনগৰ কলেজ শিক্ষক গোটৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ৷
সৰভোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শিক্ষকৰ অৱস্থান ধৰ্মঘট লগতে পঢ়ক:নগাঁৱত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অনশন
প্ৰতিবাদী শিক্ষকসকলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,আমি নাগৰিকত্ব সংশোধনী আইন নামানো,জয় আই অসম শ্ল'গান দি উত্তাল কৰি তোলে ধৰ্মঘট কাৰ্যসূচী৷ নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত অহিংসভাৱে এই আন্দোলন চলাই যাব বুলি হুংকাৰ বৰনগৰ কলেজ শিক্ষক গোটৰ ৷ লগতে ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ইতিমধ্যে প্ৰাণ বিসৰ্জন দিয়া প্ৰতি গৰাকী শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে শ্বহীদ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷
লগতে পঢ়ক:অস্থায়ী কাৰাগাৰলৈ পৰিণত হ'ল দীঘলী পুখুৰী