বৰপেটা, ২২ জানুৱাৰী :দেশত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে সমগ্ৰ দেশতে আৰম্ভ হৈছে পথ সুৰক্ষা মাহ কাৰ্যসূচীৰ ৷ পথ আইনৰ প্ৰতি ৰাইজক সজাগ কৰি পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে বৰপেটা পৰিবহন বিভাগে শুকুৰবাৰে বৰপেটা সত্ৰৰ পৰা এক পদযাত্ৰা কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৷
বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ পৰা পৰিবহন বিভাগে উলিওৱা পদযাত্ৰা কাৰ্যসূচীত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ লগতে বৰপেটা জিলা প্ৰশাসনৰ বিষয়া আৰু পৰিবহন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷ পদযাত্ৰা কাৰ্যসূচীৰ লগতে বৰপেটা জিলা পৰিবহন বিভাগে বৰপেটাত মহিলাৰ মটৰ চাইকেল ৰেলী উলিওৱাৰ লগতে সজাগতামূলক বাটৰ নাট পৰিবেশন কৰে ৷