বৰপেটাৰোড, 8 জানুৱাৰী : কলকাতাত উদ্ধাৰ অসমৰ কিশোৰী । বৰপেটাৰোডৰ বাঁহবাৰীৰ পৰা নিৰুদ্দেশ হৈছিল কিশোৰীগৰাকী ৷ বৰপেটাৰোড আৰক্ষীৰ এটা দলে শুকুৰবাৰে কলকাতাৰ পৰা এজনী যুৱতীৰ সৈতে উদ্ধাৰ কৰে কিশোৰীগৰাকীক (Barpeta Road Police rescue a minor girl in Kolkata) । উল্লেখ্য যে, কিশোৰীগৰাকীৰ সৈতে থকা যুৱতীগৰাকীয়ে পূৰ্বে লিংগ পৰিৱৰ্তন কৰি সলনি কৰিছিল পৰিচয় ৷ পৰৱৰ্তী সময়ত ৰে'লযোগে বৰপেটাৰোডত আৰক্ষীৰ দলটো ৷ সম্প্ৰতি দুয়োকে বৰপেটাৰোড আৰক্ষী থানা (Barpeta Road Police Station) ত ৰখা হৈছে ।
আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা মতে, বৰপেটাৰোডৰ বাঁহবাৰীৰ কিশোৰী গৰাকীয়ে এবছৰ পূৰ্বে বঙাইগাঁৱৰ লিংগ পৰিৱৰ্তনকাৰী যুৱতীগৰাকী (পূৰ্বে যুৱক) ৰ সৈতে ফেচবুকত চিনাকি হৈছিল ৷ পৰৱৰ্তী সময়ত যুৱতীগৰাকীৰ সৈতে কিশোৰীগৰাকীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে ৷ এই প্ৰেমৰ পৰিণতিতে 2021 বৰ্ষৰ ডিচেম্বৰ মাহৰ 30 তাৰিখে কিশোৰী গৰাকীয়ে নিজ গৃহৰ পৰা পলায়ন কৰি কলকাতালৈ যায় ৷
ইফালে কিশোৰী গৰাকীৰ সন্ধান বিচাৰি পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে ৷ অৱশেষত এই বিষয়ে কিশোৰীগৰাকীৰ পিতৃয়ে বৰপেটাৰোড আৰক্ষীক অৱগত কৰি দাখিল কৰে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই বৰপেটাৰোড আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল । বিগত দিনকেইটাত আৰক্ষীয়ে তদন্ত কৰি অৱশেষত কিশোৰীগৰাকী কলকাতাত থকা বুলি নিশ্চিত হয় ৷ লগে লগে কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ বৰপেটাৰোড থানাৰ সহকাৰী উপ পৰিদৰ্শক অমৃত কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটি দল কলকাতালৈ ৰাওনা হয় ৷