বৰপেটাৰোড, 19 আগষ্ট :শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে শুকুৰবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হোৱাৰ পাছতো বৰপেটাৰোডৰ খ্ৰীষ্টিয়ান মিছনেৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলা ৰাখি পাঠদান কাৰ্য চলাই থকাত জাঙুৰ খাই উঠিছে আছুকে ধৰি বিভিন্ন দল-সংগঠন (AASU condemned opening Missionary school in Janmastmi in Barpeta) ৷
যিসময়ত অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি, সভ্যতা ৰক্ষা কৰাৰ কথা আহি পৰিছে, তেনে সময়তে চৰকাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰ পাছতো বৰপেটাৰোডৰ ডনবস্কো স্কুল খোলা ৰাখি (Barpeta Road Donbosco school remained open in Janmastami) পাঠদান চলোৱাৰ খবৰ লাভ কৰি আছুসহ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে বিদ্যালয়খনত উপস্থিত হয় ।
চৰকাৰী বন্ধৰ দিনতো ব্যক্তিগত খণ্ডৰ খ্ৰীষ্টিয়ান মিছনেৰী স্কুল খোলা ৰাখি পাঠদান চলাই থকাৰ প্ৰতিবাদত দল-সংগঠনৰ প্ৰতিনিধিয়ে বিদ্যালয়খনত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টিৰ কৰে ৷