বৰপেটা, 2 জুলাই :বৰপেটা ৰোডৰ কলহভঙাৰ 10 নম্বৰ ৱাৰ্ডৰ মানসপুৰক বুধবাৰৰ পৰা 14 দিনলৈ কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হয় ৷ মানসপুৰৰ চুনু সুত্ৰধৰ আৰু পম্পী সুত্ৰধৰৰ 5 বছৰীয়া পুত্ৰ কোভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱাৰ পাচতেই জিলা প্ৰশাসনে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ পুত্ৰৰ সৈতে মাকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
বৰপেটা ৰোডৰ মানসপুৰক কণ্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ - বৰপেটা ৰোডৰ কলহভঙাৰ 10 নম্বৰ ৱাৰ্ডৰ মানসপুৰ
বুধবাৰৰ পৰা 14 দিনলৈ কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা বৰপেটা ৰোডৰ কলহভঙাৰ 10 নম্বৰ ৱাৰ্ডৰ মানসপুৰ ৷ চুনু সুত্ৰধৰ আৰু পম্পী সুত্ৰধৰৰ 5 বছৰীয়া পুত্ৰ কোভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱাৰ পাচতেই জিলা প্ৰশাসনে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷
![বৰপেটা ৰোডৰ মানসপুৰক কণ্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ বৰপেটা ৰোডৰ মানসপুৰক কণ্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7854925-315-7854925-1593646487229.jpg)
বৰপেটা ৰোডৰ মানসপুৰক কণ্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ
বৰপেটা ৰোডৰ মানসপুৰক কণ্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ
বুধবাৰৰ পৰা উক্ত এলেকাত কোনো লোকৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ উল্লেখ্য যে,পম্পী সুত্ৰধৰে তেওঁৰ 5 বছৰীয়া পুত্ৰক লগত লৈ কেইদিনমান পূৰ্বে পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ পৰা বৰপেটা ৰোডলৈ আহিছিল ৷ পম্পী সুত্ৰধৰ আৰু তেওঁৰ 5 বছৰীয়া পুত্ৰই বৰপেটা ৰোডৰ মানসপুৰৰ বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহিছিল ৷ সেয়ে প্ৰশাসনে উক্ত স্থান বুধবাৰে ছীল কৰি দিয়ে ৷ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্য়া ৷
লগতে চাওক-ক’ভিড-19 : অসমৰ শেহতীয়া পৰিস্থিতি
Last Updated : Jul 2, 2020, 7:28 AM IST
TAGGED:
Barpeta road