অসম

assam

ETV Bharat / state

বৰপেটাৰ ভাতকুছি আশ্ৰয় শিবিৰত চিকিৎসাধীন অৱস্থাত মৃত্যু বানপীড়িতৰ - বানপীড়িত

বানৰ কবলত পৰি প্ৰায় এপষেক ধৰি বৰপেটা ভাতকুছিত পথৰ কাষত পৰিয়ালসহ আশ্ৰয় লৈ আছিল বাচেৰ আলি নামৰ এগৰাকী ৫০ বছৰীয়া লোক ৷ শনিবাৰে নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় এই লোকজনৰ ৷ তেওঁৰ মৃত্যুক লৈ মৰ্মাহত হৈ পৰিছে স্থানীয় লোকসকল

বৰপেটাৰ ভাতকুছি আশ্ৰয় শিবিৰত চিকিৎসাধীন অৱস্থাত মৃত্যু বানপীড়িতৰ

By

Published : Jul 28, 2019, 4:51 PM IST

বৰপেটা, ২৮ জুলাইঃ বৰপেটাৰ ভাতকুছি গাঁৱৰ বাচেৰ আলী নামৰ এগৰাকী ৫০ বছৰীয়া লোকৰ শনিবাৰে নিশা চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ ঘৰ-বাৰী বানত ডুব গৈ থকা লোকজনে প্ৰায় এপষেক ধৰি ভাতকুছিত পথৰ কাষত পৰিয়ালসহ আশ্ৰয় লৈ আছিল ৷ বিগত কেইবাদিন ধৰি অসুস্থ হৈ থকা লোকজনক শনিবাৰে আবেলি বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও নিশা প্ৰায় ৩ বজাত চিকিৎসাধীন অৱস্থাতে লোকজনৰ মৃত্যু হয় ৷

বৰপেটাৰ ভাতকুছি আশ্ৰয় শিবিৰত চিকিৎসাধীন অৱস্থাত মৃত্যু বানপীড়িতৰ

দেওবাৰে লোকজনৰ মৃতদেহটো শিবিৰলৈ অনা হয় যদিও কবৰ দিয়াৰ ক্ষেত্ৰত সমস্যাৰ মুখামুখি হয় পৰিয়ালটো ৷ পিচত বাঘবৰৰ মন্দিয়াৰ কবৰস্থানত লোকজনক কবৰ দিয়া হয় ৷ পত্নীৰে সৈতে পাঁচটাকৈ ল'ৰা ছোৱালী এৰি থৈ গৈছে লোকজনে ৷তেওঁৰ মৃত্যুক লৈ স্থানীয় লোকসকল মৰ্মাহত হৈ পৰিছে ৷ লোকজনৰ পৰিয়ালটোক সহায়ৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনক আবেদন জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ

ABOUT THE AUTHOR

...view details