বৰপেটা,14 জানুৱাৰী: ৰাম মন্দিৰৰ বাবে সমগ্ৰ দেশজুৰি ইতিমধ্যে আৰম্ভ হৈছে বৰঙনি সংগ্ৰহ অভিযান ৷ ৰামমন্দিৰ নিৰ্মাণৰ বৰঙণি সংগ্ৰহৰ উদ্দেশ্যে শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পন অভিযানৰ বৰপেটা জিলা সমিতিৰ কাৰ্যালয় ভৱন এটা বৃহস্পতিবাৰে মুকলি কৰে সুন্দৰীদিয়া সত্ৰৰ ডেকাসত্ৰীয়া নিৰ্মল অধিকাৰীয়ে ৷ শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পন অভিযানৰ অংশ হিচাপে অসমত মকৰ সংক্ৰান্তিৰ পৰা অৰ্থাৎ ১৫ জানুৱাৰীৰ পৰা মাঘী পূৰ্ণিমা অৰ্থাৎ ২৭ ফেব্রুৱাৰীলৈ বৰঙনি সংগ্ৰহ অভিযান চলিব । ৰাজ্যৰ ৰামভক্ত প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ বৰঙনি সংগ্ৰহ কৰিব নিধিৰ সদস্যসকলে ৷
বৰপেটাত ৰাম মন্দিৰ নিধি কাৰ্যালয় মুকলি - Barpeta ram mandir trust office inauguration
শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পন অভিযানৰ অংশ হিচাপে অসমত মকৰ সংক্ৰান্তিৰ পৰা অৰ্থাৎ ১৫ জানুৱাৰীৰ পৰা মাঘী পূৰ্ণিমা অৰ্থাৎ ২৭ ফেব্রুৱাৰীলৈ বৰঙনি সংগ্ৰহ অভিযান চলিব । ৰাজ্যৰ ৰামভক্ত প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ বৰঙনি সংগ্ৰহ কৰিব শ্ৰীৰাম মন্দিৰ নিধিৰ সদস্যসকলে ৷
![বৰপেটাত ৰাম মন্দিৰ নিধি কাৰ্যালয় মুকলি as_bar_ram-mandir-trust-office-inauguration_img_as10038](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10239159-thumbnail-3x2-b.jpg)
ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন ৰামভক্ত গাঁৱতেই নিধিৰ সমিতি গঠন কৰা হৈছে আৰু বৰপেটাৰ মুঠ ৪৪৫ খন সমিতি বা টোলীৰ জৰিয়তে প্ৰায় দুহেজাৰ ৰামভক্তই ঘৰে ঘৰে গৈ বৰঙনি সংগ্ৰহ অভিযানত নামি পৰিব ৷ আনহাতে ৰাজ্যৰ ১৬,৭০৬ খন গাঁও, গুৱাহাটীৰ মহানগৰৰ ৬০ টা ৱাৰ্ডৰ লগতে আন আন নগৰৰ ১২৬ টা ৱাৰ্ডৰ পৰিয়ালৰ অন্তৰত ৰাম ভক্তিৰ ভাৱ জগাই তুলিবলৈ শ্ৰীৰাম জন্মভূমি তীর্থ ক্ষেত্ৰৰ হৈ শ্ৰীৰাম মন্দিৰ নিধি সমর্পণ সমিতিৰ কাৰ্মকর্তা সকলে আগভাগ ল'ব । ৰামভক্তসকলে দহ টকাৰ পৰা ইচ্ছাকৃত ভাৱে আগবঢ়োৱা যিকোনাে অনুদানৰ বিনিময়ত ছপা ৰচিদ প্ৰদান কৰিব । ইয়াৰ উপৰিও অসমৰ সকলাে ঘৰলৈ ৰাম মন্দিৰ প্রতিচ্ছবি প্রেৰণ কৰা হ'ব বুলিও সমিতিয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক-বিশ্বনাথত বন বিভাগৰ কাৰ্যালয়ত অগ্নিসংযোগ স্থানীয় ৰাইজৰ