অসম

assam

ETV Bharat / state

বৰপেটা সত্ৰলৈ যোৱা পথৰ নিৰ্মাণকাৰ্যত ব্যাপক অনিয়ম - বিদ্যাপীঠ

বৰপেটা বিদ্যাপীঠ আৰু বৰপেটা সত্ৰ সংযোগী পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঠিকাদাৰ আৰু কাৰ্যবাহী অভিযন্তাৰ বিৰুদ্ধে অভিযোগ।

বৰপেটা সত্ৰলৈ যোৱা পথৰ নিৰ্মাণকাৰ্যত ব্যাপক অনিয়ম
বৰপেটা সত্ৰলৈ যোৱা পথৰ নিৰ্মাণকাৰ্যত ব্যাপক অনিয়ম

By

Published : Oct 12, 2020, 5:02 PM IST

বৰপেটা, ১২ অক্টোবৰ: বৰপেটা সত্ৰলৈ যোৱা পথৰ নিৰ্মাণকাৰ্যত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অসম দৰ্পণ আঁচনিৰ অধীনত ১ কোটি ১০ লাখ টকা ব্যয়েৰে ৰাজ্য চৰকাৰে বৰপেটা বিদ্যাপীঠ আৰু বৰপেটা সত্ৰ সংযোগী পথটোৰ ১৬.৩০ মিটাৰ অংশ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰা হৈছিল। আঁচনি অনুসৰি পথটোৰ একাংশত ১ মিটাৰ আৰু আন অংশত ২ মিটাৰ পথ বহল কৰিব লাগে ৷ কিন্তু পথটো বহলিকৰণৰ বিপৰীতে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ তুলিছে ৰাইজে।

বৰপেটা সত্ৰলৈ যোৱা পথৰ নিৰ্মাণকাৰ্যত ব্যাপক অনিয়ম

আনকি, ৰোড ৰ'লাৰ ব্যৱহাৰ নকৰাকৈয়ে কাম কৰিছে শ্ৰমিকে। কাৰ্যবাহী অভিযন্তা ভাৰত দাস আৰু ঠিকাদাৰ দেৱাদিৱ দাসে পথ নিৰ্মাণৰ নামত মইমতালি কৰিছে বুলি ৰাইজে অভিযোগ তুলিছে। পৰিয়ালসমূহে পথৰ কাষৰ মাটি এৰি নিদিয়াৰ অজুহাত দেখুৱাই ঠিকাদাৰ আৰু অভিযন্তাই পথটো বহল কৰাৰ বাবেও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ পিছে একাংশ পৰিয়ালে খোদ কাৰ্যবাহী অভিযন্তা আৰু জিলা প্ৰশাসনৰ সন্মুখতে উদঙালে বিভাগীয় কৰ্তৃপক্ষৰ মিথ্যাচাৰ ৷ পথ নিৰ্মাণৰ নামত মাটি এৰি দিবলৈ বিভাগীয়ভাৱে কোনো কথাই জনোৱা নাই বুলি স্পষ্ট কৰিছে পৰিয়ালসমূহে। আনহাতে,নিৰ্মাণকাৰ্যক লৈ ৰাইজ কিমান সজাগ তাৰ উমান লোৱাৰ বাবেহে নিম্নমানৰ কাম কৰিছে বুলি অদ্ভুত মন্তব্য কৰিছে কাৰ্যবাহী অভিযন্তা ভাৰত দাসে।

ৰাইজৰ সহযোগিতা পাবলৈ আৰু নিম্নমানৰ কাম দেখি ৰাইজে যাতে প্ৰতিবাদ জনায় তাৰ বাবে পথটো বহল নকৰি কাম চলাই আছে বলিও চালে-বেৰে কোবোৱা মন্তব্য কৰে অভিযন্তাজনে। বৰপেটাৰ একাংশ সংগঠনে পথটো নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ বিৰুদ্ধে বিভাগীয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অভিযোগ দিয়াৰ পিছতে কাৰ্যবাহী অভিযন্তা ভাৰত দাস,অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠককে ধৰি বহুকেইগৰাকী বিষয়াই পথ নিৰ্মাণৰকাৰ্যৰ পৰ্যবেক্ষণ কৰে৷ দেশ-বিদেশৰ ভক্ত, দৰ্শনাৰ্থী আৰু পৰ্যটকসকলে বৰপেটা সত্ৰলৈ এইটো পথেৰেই অহা-যোৱা কৰে। সেয়ে আঁচনিমতে সুন্দৰকৈ নিৰ্মাণকাৰ্য সম্পন্ন হোৱাৰ কামনা কৰিছে ৰাইজে।

লগতে পঢ়ক:ন্যায্য প্ৰাপ্তিৰ দাবীত গোলাঘাটত আটছাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details