অসম

assam

ETV Bharat / state

বিলৰ নামত গ্ৰাহকক ৰামটাঙোন শক্তি বিভাগৰ!! - বৰপেটাৰোড বিদুৎ উপসংমণ্ডল

মিটাৰ ৰীডাৰসকলে জধে মধে বিলৰ পৰিমাণ লিখাৰ বাবেই গ্ৰাহকসকলে হাৰাশাস্তি ভোগ কৰিবলগীয়া হোৱাৰো অভিযোগ ৷ মঙলবাৰে ৰাজহুৱা সভা পাতি বিভাগটোৰ এনে মইমতালি বন্ধৰ দাবী জনায় স্থানীয় ৰাইজে ৷

বিলৰ নামত গ্ৰাহকক ৰামটাঙোন শক্তি বিভাগৰ

By

Published : Aug 27, 2019, 6:05 PM IST

বিলৰ নামত গ্ৰাহকক ৰামটাঙোন শক্তি বিভাগৰ

বৰপেটা, ২৭ আগষ্টঃ কি হৈছে শক্তি বিভাগৰ ? ইটোৰ পিচত সিটো বিতৰ্কত সাঙোৰ খাই পৰিছে শক্তি বিভাগ ৷ বৰপেটাৰ হাউলীত শক্তি বিভাগৰ আজৱ কাণ্ড। বৰপেটাৰোড বিদুৎ উপসংমণ্ডলৰ ‍অধীনৰ কালজাৰ ফিডাৰৰ প্ৰায় ১২ হাজাৰ গ্ৰাহকে বিদ্যুৎ বিভাগৰ কাৰ্ম কাণ্ডত অতিষ্ঠ হৈ অৱশেষত ৰাজহুৱা সভা আহ্বান কৰি শক্তি বিভাগৰ হাৰাশাস্তি বন্ধ কৰাৰ দাবী ৷

অভিযোগ অনুসৰি কালজাৰ ফিডাৰৰ অন্তৰ্গত গ্ৰাহকসকলক বিভাগটোৱে যধে মধে বিল প্ৰেৰণ কৰি আহিছে ৷ একোটা সাধাৰণ পৰিয়াললৈ মাহেকত 5 হাজাৰৰ পৰা 6 হাজাৰ টকাৰ বিল প্ৰেৰণ কৰি গ্ৰাহকক লুন্ঠন চলোৱাৰ অভিযোগ বিভাগটোৰ বিৰুদ্ধে ৷ শক্তি বিভাগৰ এই লুন্ঠনৰ বিৰুদ্ধে কালঝাৰত মঙলবাৰে ৰাজহুৱা সভা পাতি বিভাগটোৰ এনে মইমতালি বন্ধৰ দাবী জনায় স্থানীয় ৰাইজে ৷ ইপিনে মিটাৰ ৰীডাৰসকলে জধে মধে বিলৰ পৰিমাণ লিখাৰ বাবেই গ্ৰাহকসকলে হাৰাশাস্তি ভোগ কৰিবলগীয়া হোৱাৰো অভিযোগ তেওঁলোকৰ ৷ আনকি বিলৰ টকা জমা দিয়াৰ পিচতো বিলৰ ধন বাকী থকা দেখুওৱাই বহু গ্ৰাহকক লুন্ঠন চলাই আছে বিভাগটোৱে ৷ অতিশীঘ্ৰে কালজাৰ ফিডাৰৰ এনে কৰ্মকাণ্ডৰ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শক্তি বিভাগৰ উৰ্ধতন কতৃপক্ষক আহ্বান জনায়। অন্যথা কালজাত থকা শক্তি বিভাগৰ ফিডাৰৰ কাৰ্যালয় তলা বন্ধ কৰি দিয়া হ'ব বুলি সকীয়নি দিয়ে ৰাইজে।

ABOUT THE AUTHOR

...view details