অসম

assam

By

Published : Apr 22, 2019, 5:14 PM IST

ETV Bharat / state

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন

২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ইতিমধ্য়ে সাজু বৰপেটা জিলা প্ৰশাসন ৷ বৰপেটা লোকসভা সমষ্টিত মুঠ তেৰগৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ৷ বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে বিষয়া-কৰ্মচাৰীৰ দল ।

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন

বৰপেটা, ২২ এপ্ৰিলঃ বৰপেটা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ বৰপেটা লোকসভা সমষ্টিত মুঠ তেৰ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ৷ বৰপেটাত মূলত অগপৰ কুমাৰ দীপক দাস, কংগ্ৰেছৰ আব্দুল খালেক আৰু এ আই ইউ ডি এফৰ ড0 হাফিজ ৰফিকুল ইছলামৰ মাজতে হ’ব তুমুল যুঁজ ৷

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন

এই লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৬, ৭৬, ৮৫৪ গৰাকী ৷ ইয়াৰে ৮,৬৫, ৩০০ গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ৮, ১১, ৫৫৪ গৰাকী ৷ মুঠ ১৩৫৪ টা ভেটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব ভোটাৰে ৷ বৰপেটা লোকসভা সমষ্টিৰ দূৰ্গম অঞ্চলত স্থাপন কৰা হৈছে ১৪০ টা ভোটগ্ৰহণ কেন্দ্ৰ ৷ দুৰ্গম অঞ্চলত দেওবাৰেই ভোটগ্ৰহণকাৰী বিষয়া সকল ৰাওনা হোৱাৰ বিপৰীতে বাকি ১২১৪ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ সোমবাৰে ৰাওনা হৈছে বিষয়া কৰ্মচাৰীসকল ৷ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা নিৰ্বাচন নিয়ন্ত্ৰণ কক্ষৰ পৰা ৰাওনা হৈছে ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীসকল ৷

ABOUT THE AUTHOR

...view details