বৰপেটা,15 মে': ৰাজ্যত ক'ভিড-19 য়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছতো সচেতন হোৱা নাই একাংশ শিক্ষিত লোক ৷ ৰাজ্য চৰকাৰে ক'ভিডৰ ভয়ংকৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে ন-ন নিৰ্দেশনা জাৰি কৰিছে যদিও সেইয়া মানি চলা নাই একাংশ লোকে ৷ ইয়াৰ মাজতে শনিবাৰে বৰপেটা চহৰত ক'ভিড নীতি ভংগকাৰী সকলৰ বিৰুদ্ধে বিশেষ ভাৱে তৎপৰত হৈ পৰিল জিলা আৰক্ষী ৷ যান-বাহন আইন উলংঘা কৰা বহু ব্যক্তিক জৰিমনা বিহিলে আৰক্ষীয়ে ৷ উল্লেখনীয় যে,আৰক্ষীয়ে বহু দিন ধৰি বৰপেটা চহৰৰ ৰাইজক অৱগত কৰি আহিছে ক’ভিডক লৈ যান বাহন আইন অনুসৰি বিভিন্ন নীতি-নিয়ম আৰু পৰামৰ্শাৱলী ৷
আইন উলংধনকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে বৰপেটা আৰক্ষী - Barpeta police taking serious action against rule breaker
শনিবাৰে যান-বাহন আইন তথা ক'ভিড আইন ভংগ কৰি বাহিৰলৈ ওলাই অহা একাংশ লোকক জৰিমনা বিহে বৰপেটা আৰক্ষীয়ে ৷ লগতে অনাগত দিনবোৰত যান বাহন আইন মানি চলিবলৈ ৰাইজক সতৰ্ক কৰি দিয়ে আৰক্ষীয়ে ৷
![আইন উলংধনকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে বৰপেটা আৰক্ষী barpeta-police-taking-serious-action-against-rule-breaker](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11771710-360-11771710-1621084843183.jpg)
আইন উলংধনকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে বৰপেটা আৰক্ষী প্ৰশাসন
সেই অনুসৰি ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা আৰক্ষীয়ে চহৰৰ জন সমাগম ৰোধ কৰিবলৈ ব্যস্ত পথত No Entry লগাইছিল ৷ কিন্তু ইয়াৰ পাছতো প্ৰতি দিনে একাংশ লোকে ইয়াক উলংঘা কৰা পৰিলক্ষিত হয় ৷ যাৰ বাবে শনিবাৰে আৰক্ষীয়ে এই সকল লোকক জৰিমনা বিহাৰ লগতে অনাগত দিনবোৰত যান বাহন আইন মানি চলে তাৰ বাবে ৰাইজক সতৰ্ক কৰি দিয়ে ৷