অসম

assam

ETV Bharat / state

বৰপেটাত বৃহৎ পৰিমাণৰ সুৰা জব্দ : আটক এক

বৰপেটা সদৰ আৰক্ষী চকী (Barpeta Police Station)ৰ উপ আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত আৰক্ষী এটা দলে অভিযান চলাই সুৰা জব্দ কৰে ৷ জব্দ কৃত সুৰা (Liquor)খিনিৰ বজাৰমূল্য প্ৰায় ষাঠি হাজাৰ টকা ৷

বৰপেটাত বৃহৎ পৰিমাণৰ সুৰা জব্দ
বৰপেটাত বৃহৎ পৰিমাণৰ সুৰা জব্দ

By

Published : Jul 4, 2021, 11:59 AM IST

বৰপেটা, 4 জুলাই : বৰপেটাৰ গান্ধী নগৰত শনিবাৰে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা (Liquor) জব্দ কৰে ৷ বৰপেটা সদৰ আৰক্ষী চকী (Barpeta Police Station)ৰ উপ আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত এটা দলে উদ্ধাৰ কৰে সুৰা (Liquor)খিনি ৷ আৰক্ষী (Barpeta Police)য়ে অভিযানৰ সময়ত এটা সুৰা ব্যৱসায়ী (Liquor Dealers)ক আটক কৰে ৷ আটকাধীন সুৰা ব্যৱসায়ীজন 'সৰু' নামেৰে পৰিচিত ৷

বৰপেটাৰ সদৰ আৰক্ষী চকী (Barpeta Police Station)ৰ উপ আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱাই জানিবলৈ দিয়া অনুসৰি জব্দ কৃত সুৰা (Liquor)খিনিৰ বজাৰ মূল্য প্ৰায় 60,000 টকা ৷ উল্লেখ্য যে, সত্ৰনগৰী বৰপেটা(Barpeta)ত দীৰ্ঘদিন ধৰি চলি আহিছে অবৈধ সুৰা (Illegal Lequor)ৰ ব্যৱসায় ৷ বৰপেটাৰ আবকাৰী বিভাগ (Barpeta Excise Department)ৰ বিষয়াসকলে সত্ৰনগৰী বৰপেটা (Barpeta)চহৰত চলাই অহা সুৰা ব্যৱসায়ী (Liquor Dealers)সকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে ৷

বৰপেটাত বৃহৎ পৰিমাণৰ সুৰা জব্দ

অবৈধ সুৰা ব্যৱসায়ী (Liquor Dealers)সকলৰ সৈতে থকা মিতিৰালিৰ বাবেই বৰপেটা আবকাৰী বিভাগে (Barpeta Excise Department) অবৈধ সুৰা ব্যৱসায় (Liquor Dealers) বন্ধৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু একে সময়তে বৰপেটা আৰক্ষী (Barpeta Police)য়ে চহৰখনত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ সত্ৰনগৰী বৰপেটা (Barpeta)ক সুৰামুক্ত চহৰ কৰাৰ প্ৰয়াসেৰে বৰপেটা আৰক্ষী (Barpeta Police)য়ে ধাৰাবাহিকভাবে অভিযান অব্যাহত ৰাখি বিগত সময়ত বৃহৎ পৰিমাণৰ সুৰা (Liquor)জব্দ কৰাৰ লগতে কেইবাটাও সুৰা ব্যৱসায়ী (Liquor Dealers)ক আটক কৰিছে ৷

উল্লেখ্য যে, বিগত সময়চোৱাত সমগ্ৰ অসমতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে আৰক্ষী সষ্টম হৈছে আৰক্ষী ৷ ড্ৰাগছ, জুৱা, বিভিন্ন ধৰণৰ অবৈধ সৰবৰাহ, দেশী-বিদেশী সুৰা, গাঞ্জা আদিৰ বিৰুদ্ধে ব্যাপক ৰূপত অভিযান চলাই সফলতাও লাভ কৰিছে আৰক্ষীয়ে ৷ এই অভিযানত বহুকেইগৰাকী দুৰ্নীতিত নিমজ্জিত আৰক্ষী বিষয়াও আটক হৈছে ৷

লগতে পঢ়ক :গঁড়ৰ খৰ্গৰ চোৰাং বেহাত জড়িত দুজন বনকৰ্মীক আটক

ABOUT THE AUTHOR

...view details