বৰপেটা, 21 চেপ্তেম্বৰঃড্ৰাগছৰ নিষিদ্ধ বেহাই দিনে দিনে গা কৰি উঠিছে বৰপেটা জিলাত ৷ নিষিদ্ধ ড্ৰাগছৰ কৱলত পৰি জিলাখনৰ একাংশ যুৱপ্ৰজন্মই ধ্বংসৰ মুখলৈ গতি কৰাৰ বিপৰীতে একাংশ চোৰাং ব্যৱসায়ীয়ে নিৰ্বিকাৰে চলাই গৈছে চোৰাং ব্যৱসায় ৷
শেহতীয়াকৈ জিলাখনৰ পৰা আৰক্ষী বিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছিল 15 লাখ টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ ৷ জিলাখনৰ বৰ আগদিয়া গাঁৱৰ আমিনুল মিঞা নামৰ লোকজনৰ ঘৰৰ পৰা বৰপেটা সদৰ থানাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে এইদৰে বৃহৎ হাৰে জব্দ কৰিছিল ব্ৰাউন চুগাৰ ৷
একেখন গাঁৱৰ পৰাই পুনৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় নিষিদ্ধ ব্ৰাউন চুগাৰ ৷ শনিবাৰে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ দাসৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে পুনৰ জব্দ কৰিবলৈ সক্ষম হয় 145 গ্ৰাম ব্ৰাউন চুগাৰ ৷ গাঁৱখনৰ ফুলচান আলী নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ পৰা ছয়টা পেকেটত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় নিষিদ্ধ ড্ৰাগছখিনি ৷
আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় 15 লাখ টকা হ'ব ৷ সম্প্ৰতি পলাতক অৱস্থাত থকা ফুলচান আলীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ কিছুদিন পূৰ্বে গাঁৱখনৰ পৰা 15 লাখ টকাৰ ড্ৰাগছৰ লগতে আজি জব্দ কৰা ড্ৰাগছখিনি মিলাই সৰ্বমুঠ 30 লাখ টকাৰ ড্ৰাগছ জব্দ কৰে বৰপেটা আৰক্ষীয়ে ৷ জিলাখনত শেহতীয়াকৈ বৃদ্ধি নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় আৰক্ষীৰ বাবে মুৰৰ কামোৰনি হৈ দেখা দিছে ৷ আৰক্ষীয়ে জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷