অসম

assam

ETV Bharat / state

গণৰাজ্য দিৱস উপলক্ষে বৰপেটাত আৰক্ষীৰ ৰোড মাৰ্চ

গণৰাজ্য দিৱসৰ বাবে বৰপেটাত ব্যাপক সতৰ্কতা ৷ বৰপেটা আৰক্ষীৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীৰ ৰোড মাৰ্চৰ লগতে তালাচী অভিযান অব্যাহত ৷

barpeta-police-road-march-at-barpeta
গণৰাজ্য দিৱস উপলক্ষে বৰপেটাত আৰক্ষীৰ ৰোড মাৰ্চ

By

Published : Jan 25, 2021, 9:10 PM IST

বৰপেটা, 25 জানুৱাৰী : গণৰাজ্য দিৱসৰ বাবে বৰপেটাত ব্যাপক সতৰ্কতা ৷ বৰপেটা আৰক্ষীৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীৰ ৰোড মাৰ্চ ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাৰ নেতৃত্বত চহৰখনত চলোৱা হয় ৰোড মাৰ্চ ৷ লগতে, এৰিয়া ডমিনেছনৰ উদ্দেশ্যে বৰপেটাৰ চহৰৰ লগতে জিলাখনৰ বিভিন্ন স্থানত ৰোড মাৰ্চ আৰু ঠায়ে ঠায়ে তালাচীৰ ব্যৱস্থা কৰে বৰপেটা আৰক্ষীয়ে ৷

গণৰাজ্য দিৱস উপলক্ষে বৰপেটাত আৰক্ষীৰ ৰোড মাৰ্চ

উল্লেখ্য যে, গণৰাজ্য দিৱসৰ পূৰ্বে যাতে জিলাখনত কোনো কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰবাবে আৰক্ষী ব্যাপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷ জিলাখনৰ সীমামূৰীয়া অঞ্চল আৰু ব্ৰহ্মপুত্ৰকে ধৰি আন নদীপথ সমুহতো আৰক্ষীয়ে সতৰ্কতা বৃদ্ধি কৰিছে ৷

অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাৰ মন্তব্য

লগতে পঢ়ক :কলিয়াবৰ সমষ্টিৰ এখন 20 বছৰ পুৰণি দলং

ABOUT THE AUTHOR

...view details