মাত্ৰ কেইটামান মূহুৰ্তঃ সাজু বৰপেটা জিলা প্ৰশাসন - 31 আগষ্ট
31 আগষ্টত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত খচৰা ৷ বৰপেটাত এন আৰ চি প্ৰকাশৰ পিচত কোনো যাতে ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ'ব নোৱাৰে তাৰ প্ৰতি বিশেষ সতৰ্কতামূলক ব্যৱস্থা হাতত লৈছে জিলা প্ৰশাসনে ৷ বৰপেটা জিলাত অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত কোম্পানী নিয়োগ কৰা হৈছে ৷ আইন শৃংখলাজনিত সকলোধৰণৰ পৰিস্থিতি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সাজু আছে জিলা প্ৰশাসন ৷
বৰপেটা, 30 আগষ্টঃ 31 আগষ্ট অৰ্থাৎ কাইলৈ প্ৰকাশ পাব চূড়ান্ত এন আৰ চি ৷ ৰাজ্যখনৰ আন জিলাৰ লগতে বৰপেটা জিলাতো এন আৰ চি প্ৰকাশক লৈ ব্যাপক উৎসুকতা ৷ এন আৰ চি প্ৰকাশৰ পিচত জিলাখনত যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ'ব নোৱাৰে তাৰ প্ৰতি বিশেষ সতৰ্কতামূলক ব্যৱস্থা হাতত লৈছে জিলা প্ৰশাসনে ৷ ইতিমধ্যে আইন শৃংখলা ৰক্ষাৰ বাবে বৰপেটা জিলাত অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত কোম্পানী নিয়োগ কৰা হৈছে ৷ আইন শৃংখলাজনিত সকলোধৰণৰ পৰিস্থিতি কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সাজু জিলা প্ৰশাসন এই কথা সদৰি কৰে,বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে ৷ আনহাতে,চ'ছিয়েল মিডিয়াৰ ফেচবুক,হোৱাটছ্ এপ আদিৰ ওপৰতো চোকা নজৰ ৰাখিছে বুলি প্ৰকাশ কৰে জিলা প্ৰশাসনে ৷