বৰপেটা,১৬ মাৰ্চ: বৰপেটাত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা ৷ জিলাখনত ক্ৰমাৎ বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৷ বৰপেটাত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে পুনৰ অভিযান চলাইছে বৰপেটা আৰক্ষীয়ে ৷ ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা বৰপেটাত সোমবাৰে নিচাযুক্ত টেবলেটসহ আটক হ'ল এজন ড্ৰাগছ ব্যৱসায়ী ৷
ড্ৰাগছৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান - আৰক্ষী বিষয়া তপন মেধি
বৰপেটাত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে পুনৰ অভিযান চলাইছে বৰপেটা আৰক্ষীয়ে ৷ ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা বৰপেটাত সোমবাৰে নিচাযুক্ত টেবলেটসহ আটক হয় এজন ড্ৰাগছ ব্যৱসায়ী ৷
![ড্ৰাগছৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান ড্ৰাগছ'ৰ বিৰুদ্ধে অভিযান বৰপেটা আৰক্ষীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11028782-384-11028782-1615884069953.jpg)
ড্ৰাগছ'ৰ বিৰুদ্ধে অভিযান বৰপেটা আৰক্ষীৰ
ড্ৰাগছ'ৰ বিৰুদ্ধে অভিযান বৰপেটা আৰক্ষীৰ
বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধিৰ নেতৃত্বত খাৰুৱাপাৰা গাঁৱত অভিযান চলাই বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেটসহ আটক কৰে এজন ড্ৰাগছ ব্যৱসায়ী ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজন খাৰুৱাপাৰা গাঁৱৰ জিন্নত খাঁ ৷ বৰপেটা আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰাৰ পিচতে বৰপেটা আদালতত হাজিৰ কৰাত আদালতে যুৱকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।