বৰপেটা ৯ ছেপ্টেম্বৰ : ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ বৰপেটাৰ পৰা বাংলাদেশলৈ চলি থকা চোৰাং বেহাৰ বিৰুদ্ধে অব্যাহত আছে বৰপেটা আৰক্ষীৰ অভিযান ৷ বৰপেটাত পিডিএছৰ চাউলৰ চোৰাং ব্যৱসায়ৰ জৰিত থকাৰ অভিযোগত ৪ জনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে ফৰিদুল হ'ক আৰু ছাহজাহান আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে আব্দুল মালেক আৰু নীজাম খানকো সোধপোচৰ বাবে আটক কৰে ৷
ধৃত ফৰিদুল হ'ক পেছাত এজন গাড়ী চালক আৰু ছাহজাহান আলী এটা অবৈধ গুদামৰ মালিক ৷ ছাহজাহান আলীয়ে উক্ত গুদামটোত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল মজুত কৰাৰ অভিযোগ কৰিছে আৰক্ষীয়ে ৷ ইপিনে আটক কৰা আব্দুল মালেক আৰু নীজাম খান পালহাজীৰ আজাদ সমবায় সমিতিৰ সভাপতি আৰু সম্পাদক বুলি জানিব পৰা গৈছে ৷