বৰপেটা, ২৩ ডিচেম্বৰ :ৰাজ্যত সক্ৰিয় হৈ আছে গাড়ী চুৰি চক্ৰ । কেতিয়াবা যদি ভাড়াতীয়াৰ ৰূপত গাড়ীৰ চালকক হত্যা কৰি গাড়ী লৈ যায় কেতিয়াবা আকৌ চালকেই গাড়ী বিক্ৰী কৰি আত্মগোপন কৰাৰ ঘটনা সংঘটিত হয় ৷ ইয়াৰ মাজতে বৰপেটাত গাড়ী চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় আৰক্ষী । বৰপেটাৰ পৰা ১৪ চকীয়া ট্ৰাক চুৰি কৰি গ্ৰেপ্তাৰ তিনিজনীয়া এটা দল (3 nabbed for truck hijacking in Barpeta)।
উল্লেখ্য যে প্ৰায় ২১ টন জলকীয়া গুৰি আৰু হালধি গুৰি ভৰ্তি AP-TB-৫৭৭৮ নম্বৰৰ ১৪ চকীয়া ট্ৰাকখন অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰৰ পৰা অসমৰ শিলচৰলৈ ৰাওনা হৈছিল । কিন্তু উক্ত ট্ৰাকখনৰ চালকে বৰপেটা পোৱাৰ পাছতে ট্ৰাকৰ মালিকৰ সৈতে সংযোগ বিচ্ছিন্ন কৰিছিল ৷ এই সংক্ৰান্তত লালচান আলী নামৰ ট্ৰাকৰ মালিকে এক এজাহাৰ দাখিল কৰে ৷ তাৰ পাছতে বৰপেটা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷
আৰক্ষীয়ে জনোৱা মতে যোৱা ২৯ নবেম্বৰত আতোৱাৰ আলী নিশা হাউলীত আহি উপস্থিত হৈছিল আৰু আতোৱাৰ আলীয়ে নগদ ১ লাখ টকাত গৌতম সৰকাৰৰ হাতত গাড়ীখন বিক্ৰী কৰিছিল । আনহাতে, গৌতম সৰকাৰে গাড়ীত অহা জলকীয়া গুৰি, হালধি আদি সকলো সামগ্ৰী হাউলীৰ ফৰিদ খান আৰু আলিম খান নামৰ দুজনক হস্তান্তৰ কৰিছিল । পাছত গৌতম সৰকাৰক লগত লৈ আৰক্ষীৰ দলটোৱে মেঘালয়ৰ বৰ্ণিহাটৰ পৰা বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।