বৰপেটা, ১২ আগষ্ট: কঠোৰ শাস্তিলৈ ভয় নকৰে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে । আৰক্ষীয়ে বাৰে বাৰে নিচাযুক্ত দ্ৰব্যৰ বেহা বন্ধ কৰিবলৈ সকীয়নি দি অহাৰ পাছতো ভ্ৰূক্ষেপ নাই এই লোকসকলৰ । আৰক্ষীৰ চকুত ধূলি দি চলাই আছে ড্ৰাগছৰ ব্যৱসায় । বুধবাৰে বৰপেটা চহৰৰ সমীপৰ কেওটকুছিত আৰক্ষীয়ে ব্ৰাউন চুগাৰসহ দুই যুৱকক গ্ৰেপ্তাৰ কৰে ।
ধৃত যুৱক দুজন হাউলী চহৰৰ ২ নং ৱাৰ্ডৰ ৰাহুল চৌধুৰী আৰু বৰপেটাৰোড চহৰৰ কলহভাঙাৰ সমীৰ নাথ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে কেওটকুছি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তালাচী চলাই থকা অৱস্থাতে যুৱক দুজনৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি ১০টা কণ্টেইনাৰ জব্দ কৰে ।
বৰপেটাত ব্ৰাউন চুগাৰসহ দুই যুৱকক গ্ৰেপ্তাৰ লগতে যুৱক দুজনে ব্যৱহাৰ কৰা এখন বাইক জব্দ কৰে আৰক্ষীয়ে ৷ ধৃত দুই যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত পুনৰ আন দুগৰাকী যুৱকক কৰায়ত্ত কৰিছে ৷ আৰক্ষীয়ে যুৱক দুজনক সোধা-পোছা কৰিছে যদিও বৰ্তমানলৈকে যুৱক দুজনৰ পৰিচয় ফাদিল কৰা নাই ৷
নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত একেটা দিনতে ৪ জনকৈ যুৱক আৰক্ষীৰ জালত পৰা ঘটনাক লৈ বৰপেটাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জিলাখনত একাংশ অসাধু লোকে মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহা চলাই নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে । আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই বহু ড্ৰাগছ সৰবৰাহকাৰী আটক কৰাৰ লগতে নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে । কিন্তু একাংশই বৰ্তমানেও এই বেহা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: অসমত তৃণমূল কংগ্ৰেছৰ দায়িত্বত নৱ শৰণীয়া !