বৰপেটা 27 মাৰ্চ:বৰপেটাত নিৰ্বাচনৰ সমান্তৰালভাৱে আৰম্ভ হৈছে বৰপেটাবাসীৰ প্ৰাণৰ দৌল মহোৎসৱ ৷ বৰপেটাত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন আৰু সত্ৰনগৰী বৰপেটাৰ দৌল মহোৎসৱক লৈ বৰপেটা আৰক্ষী প্ৰশাসনে আৰম্ভ কৰিছে ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা ৷
নিৰ্বাচন আৰু দৌল মহোৎসৱৰ সময়ছোৱাত চহৰখনত যাতে কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে আৰক্ষী, চিআৰপিএফ আৰু আই পি বি এনৰ জোৱানসকলে ভাগ ললে বৰপেটা চহৰৰ এৰিয়া ডমিনেছনত ৷ নিৰ্বাচনটো যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় তাৰ বাবেই চহৰখনত এনেদৰে এৰিয়া ডমিনেছনত ভাগ ল’লে আৰক্ষী আৰু চিআৰপিএফৰ লগতে আইপিবিএনৰ জোৱানসকলে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷