পাটনাৰ আৰা ষ্টেচনৰ পৰা সন্ধানহীন বৰপেটাৰ পদ্মাপ্ৰসাদ দাস
বিহাৰৰ পাটনাৰ আৰা ষ্টেচনৰ পৰা সন্ধানহীন হৈছে বৰপেটাৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি ৷ নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে'লযোগে দিল্লীৰ পৰা অসমলৈ আহি থকা অৱস্থাত ১৫ অক্টোবৰত আৰা ষ্টেচনৰ পৰা সন্ধানহীন হয় লোকজন ৷ সন্ধানহীন হোৱা লোকজন বৰপেটাৰ প্লাজা হোটেলৰ পৰিচালক পদ্মাপ্ৰসাদ দাস ওৰফে কাঞ্চা ৷
বৰপেটা, ১৮ অক্টোবৰ: পৰিয়ালসহ দিল্লী ভ্ৰমণলৈ গৈ ভ্ৰমণ সামৰি উভতি অহাৰ পথত ১৫ অক্টোবৰত পাটনাৰ আৰা ষ্টেচনৰ পৰা সন্ধানহীন বৰপেটাৰ গায়নহাটী নিৱাসী পদ্মাপ্ৰসাদ দাস নামৰ এজন বছৰীয়া লোক ৷ পৰিয়ালৰ লোকে জনোৱা মতে,পাটনাৰ আৰা ষ্টেচনত ৰে'লৰ পৰা নামি যোৱাৰ পিচৰ পৰাই সন্ধান নাই লোকজনৰ ৷ অৱশ্যে ষ্টেচনটোত থকা জি আৰ টিৰ লোকে লোকজনক পিচদিনাখন নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে'লযোগে ঘৰলৈ পঠাই দিয়ে যদিও এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই লোকজন ৷ ভ্ৰমণ সামৰি ঘৰলৈ উভতি অহা লোকজন এনেদৰে সন্ধানহীন হৈ পৰা ঘটনাৰ পিচৰপৰাই লোকজনক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালটো ৷ লোকজনৰ কোনো সম্ভেদ পালে 9706030696 বা 9706024155 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷