অসম

assam

By

Published : Oct 12, 2020, 5:17 PM IST

ETV Bharat / state

বৰপেটাত চিকিৎসালয়ৰ দ্বিতীয় মহলাৰ পৰা পৰি মৃত্যু ৰোগীৰ

সোমবাৰে হঠাতে বিচনাৰ পৰা উঠি কোনোবাই মাৰিব বুলি কৈ বাহিৰলৈ দৌৰ মাৰে ৰোগীজনে ৷ তাত উপস্থিত থকা আত্মীয়ই পিছে পিছে দৌৰি যায় যদিও যুৱকজনক ধৰাৰ আগতেই দ্বিতীয় মহলাৰ পৰা তললৈ জপিয়ায় প্ৰভাত চক্ৰৱৰ্তীয়ে ৷

barpeta-patients-death-after-jumping-from-2nd-floor-of-madical
বৰপেটাত চিকিৎসালয়ৰ দ্বিতীয় মহলাৰ পৰা পৰি মৃত্যু ৰোগীৰ

বৰপেটা ১২ অক্টোবৰ: বৰপেটা মেডিকেল কলেজ হাস্পতালত সোমবাৰে সংঘটিত হৈছে এক অঘটন ৷ চিকিৎসালয়খনৰ দ্বিতীয় মহলাৰ পৰা পৰি মৃত্যু হৈছে এগৰাকী ৰোগীৰ ৷ ৰোগী গৰাকী বৰপেটা ৰোডৰ ২ নং ৱাৰ্ডৰ প্ৰভাত চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে ৷ শনিবাৰে যুৱকজনক বৰপেটা মেডিকেল কলেজ হাস্পতালৰ মনস্তত্ব বিভাগত ভৰ্তি কৰিছিল পৰিয়ালৰ লোকে ৷ শনিবাৰৰ পৰাই চিকিৎসালয়ত প্ৰভাত চক্ৰৱৰ্তী নামৰ ২৩ বছৰীয়া যুৱকজনৰ চিকিৎসা চলি আছিল ৷ সোমবাৰে হঠাতে বিচনাৰ পৰা উঠি কোনোবাই মাৰিব বুলি কৈ বাহিৰলৈ দৌৰ মাৰে ৰোগীজনে ৷ তাত উপস্থিত থকা আত্মীয়ই পিছে পিছে দৌৰি যায় যদিও যুৱকজনক ধৰাৰ আগতেই দ্বিতীয় মহলাৰ পৰা তললৈ জপিয়ায় প্ৰভাত চক্ৰৱৰ্তীয়ে ৷ লগে লগে আহত যুৱকজনক চিকিৎসাৰ ব্যৱস্থা কৰা হয় যদিও ঘটনাৰ প্ৰায় এঘন্টা পিছতেই যুৱকজৰ মৃত্যু হয় ৷

ইপিনে মানসিক ৰোগী সকলৰ চিকিৎসা আৰু তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত বৰপেটা মেডিকেল কলেজ হাস্পতালত পৰ্যাপ্ত নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালৰ লোকে ৷ প্ৰয়োজনীয় সুৰক্ষাৰ ব্যৱস্থা থাকিলে এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত নহ'লহেতেন বুলিও মন্তব্য কৰে পৰিয়ালৰ লোকসকলে ৷

লগতে পঢ়ক: বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খিতাপেৰে ৰেকৰ্ড গঢ়িছে এজন যুৱকে

ABOUT THE AUTHOR

...view details