অসম

assam

ETV Bharat / state

কলগাছিয়াত শুৰ পোকৰ ধ্বংসলীলা

বানে ধোৱা জনীয়াৰ খেতি পথাৰত এতিয়া শুৰ পোকৰ তাণ্ডৱ । শুৰ পোকে তহিলং কৰিলে শ-শ বিঘা শালি ধানৰ খেতি। খেতিয়কৰ দুৰ্দশাৰ খবৰ ল'বলৈ আহৰি নাই বুলি অভিযোগ কৃষকৰ ৷

By

Published : Oct 24, 2020, 9:20 AM IST

Paddy Field Destroyed
কলগাছিয়াত শুৰ পোকৰ ধ্বংসলীলা

বৰপেটা, 24 অক্টোবৰ:বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰত কৃষকৰ দুৰ্দশা ৷ অঞ্চলটোৰ পথাৰত শুৰ পোকৰ তাণ্ডৱ ৷ বানৰ পাচত খেতিয়কৰ একমাত্ৰ ভৰষাৰ খেতি ডৰা নষ্ট কৰিছে শুৰ পোকে ৷ শুৰ পোকে অনিষ্ট কৰিছে শ-শ বিঘা শালি ধানৰ খেতি ৷

কলগাছিয়াত শুৰ পোকৰ ধ্বংসলীলা

উল্লেখযোগ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি, খাৰবাল্লী, লাচাংগা, বিলৰটাৰীৰ আদি প্ৰায় শতাধিক গাঁৱৰ কৃষি পথাৰত এতিয়া শুৰ পোকে চলাইছে ধ্বংসলীলা ৷

কলগাছিয়াত শুৰ পোকৰ ধ্বংসলীলা

দুখীয়া খেতিয়কসকলৰ সীমাহীন ক্ষতি সাধন হোৱাৰ পিছতো কিন্তু কৃষি বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী তথা গ্ৰাম সেৱকে কৃষকৰ খবৰ ল'বলৈ আহৰি পোৱা নাই খেতিয়কসকলৰ । গ্ৰাম সেৱকসকলে খেতিয়কৰ কোনো সমস্যা সমাধান নকৰি ঘৰত বহি কেৱল চৰকাৰী ধন লৈ আছে বুলি মন্তব্য কৰে খেতিয়ক সকলে ৷ যাৰ বাবে দুৰ্ভগীয়া কৃষকসকলে বৰপেটা জিলা প্ৰশাসন তথা কৃষি মন্ত্ৰী অতুল বৰাৰ সুদৃষ্টি কামনা কৰিছে ৷

অন্য এক খবৰৰ বাবে:আজি মহাষ্টমী:শংখ-ধ্বনিৰে মুখৰিত ৰাজ্যৰ চৌদিশ

ABOUT THE AUTHOR

...view details