বৰপেটা, ৪ ছেপ্টেম্বৰঃ দুশ্চিন্তাৰ অন্য নাম এনআৰচি ৷ তালিকাত নাম নথকা বহু লোকৰ চকুত নাই টোপনি ৷ বৰপেটাৰ ভেৰালদি গাঁৱৰ এটা পৰিয়ালৰ 38 জন লোকৰ নাম নাই এনআৰচিৰ তালিকাত ৷ উল্লেখ্য যে, চংচেৰ আলী নামৰ লোকজনৰ পৰিয়ালৰ নাম আছে 1966 চনৰ ভোটাৰ তালিকাত ৷ পিছে এনআৰচিৰ চূড়ান্ত খচৰাত নাম নাই পৰিয়ালটোৰ 38 জনকৈ লোকৰ ৷ ইয়াকে লৈ পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷
দুশ্চিন্তাৰ অন্য নাম এনআৰচি !
'' আমাক মাৰি পেলাওক চৰকাৰে ৷ ন'হলে আমি কলৈ যাম, কি কৰিম ''
NRC: বাদ পৰিল এটা পৰিয়ালৰ 38 জন!
পৰিয়ালটো সদস্যৰ মন্তব্য অনুসৰি, পিতৃৰ নামত থকা লিগেছী ব্যৱহাৰ কৰি এনআৰচিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছিল পৰিয়ালটোৱে ৷ পিছে কি কাৰণত পৰিয়ালটোৰ নাম নাহিল সেই সন্দৰ্ভত কোনো জ্ঞাত নহয় ৷ যাৰ বাবে পৰিয়ালটোৱে ক'বলৈ বাধ্য হ'ল, '' আমাক মাৰি পেলাওক চৰকাৰে ৷ ন'হলে আমি কলৈ যাম, কি কৰিম '' ৷