বৰপেটা, 30ডিচেম্বৰ:দেওবাৰৰ পৰা বৰপেটা জিলা পুথিভঁৰালত আৰম্ভ হৈছে ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ' ৷ বৰপেটাত বিগত ২৮ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ' ৷ দেওবাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা জীৱেশ্বৰ ডেকাই বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাষ্ট্ৰীয় নাট উৎসৱখনি ৷ নাট উৎসৱ আৰম্ভনিৰ পূৰ্বে অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰতিকৃতিত পুস্পাঞ্জলি অৰ্পণ কৰে ৰায়চৌধুৰীৰ কন্যা যুগব্ৰতা দত্তই ৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা নাট উৎসৱত দেওবাৰে মুম্বাইৰ বিখ্যাত নাট্য প্ৰযোজনা সংস্থা চুৰনাই থিয়েটাৰ এণ্ড ফ'ক আৰ্টছ ফাউণ্ডেছনে পৰিৱেশন কৰে'পিছা কৰতি পৰচ্ছাইয়া' নাট ৷ প্ৰখ্যাত নাট্য পৰিচালক কে কে ৰাইনাৰ পৰিচালিত নাটখনে দৰ্শকক সন্মোহিত কৰি তোলে ৷
বৰপেটাত আৰম্ভ ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ' - অম্বিকাগিৰী ৰায়চৌধুৰী
বৰপেটা জিলা পুথিভঁৰালত দেওবাৰৰ পৰা আৰম্ভ হৈছে ২৯ সংখ্যক 'ৰংঘৰ ৰাষ্ট্ৰীয় নাট উৎসৱ' ৷ বিগত ২৮ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে এই নাট উৎসৱ ৷ নাট উৎসৱ আৰম্ভণিৰ পূৰ্বে অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰতিকৃতিত পুস্পাঞ্জলি অৰ্পণ কৰে ৰায়চৌধুৰীৰ কন্যা যুগব্ৰতা দত্তই ৷
বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই নাট উৎসৱ উপলক্ষে প্ৰকাশ কৰা স্মৰণিকাও এই অনুষ্ঠানত উন্মোচন কৰে ৷ বৰপেটা ৰংঘৰৰ শিল্পীসকলৰ লগতে গুৱাহাটী,মুম্বাই,কলকতা আৰু দিল্লীৰ এনএছডিৰ ৰেপাৰটৰী কোম্পানীৰ শিল্পীসকলেও নাট পৰিৱেশন কৰিব ৷ নাট উৎসৱ উপলক্ষে সম্বৰ্ধনা জনোৱা হয় বিশিষ্ট নাট্যকাৰ,পৰিচালক,অভিনেতা প্ৰমোদ দাস,লিয়াকৎ আলী,বাদল চৌধুৰীক ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস,অৰ্জুন চন্দ্ৰ দাস আৰু অনিল দাসে ৷
আৰু পঢ়ক : বৰপেটাত CAA বিৰোধী অন্দোলনৰ পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি