বৰপেটা, ২৩ ফেব্ৰুৱাৰী: বৰপেটাত মাতৃৰ হাতত প্ৰাণ গ'ল কণমানি পুত্ৰ সন্তানৰ । সোমবাৰে নিশা বৰপেটা-হাউলি পথৰ ইছাৰ পেট্ৰ'ল পাম্পৰ সমীপত সংঘটিত হয় এই ঘটনা । হাউলী চহৰৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা হনুফা নাছৰিণে নিজৰ যমজ সন্তানৰ ওপৰত অত্যাচাৰ চলোৱা আৰু এটি সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় লোকে অভিযোগ তোলা মতে, হনুফা নাছৰিণে নিশা ৰাজপথতে যমজ সন্তানক অকথ্য অত্যাচাৰ চলাইছিল ।
পাষাণ মাতৃৰ প্ৰহাৰত পুত্ৰ সন্তানটিৰ মৃত্যু হয় আৰু কন্যা সন্তানটি স্থানীয় লোকে জীৱন্তে উদ্ধাৰ কৰে । স্থানীয় লোকে কন্যা সন্তানটিক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় । হনুফা নাছৰিণ বৰপেটাৰ জনীয়াৰ সমীপৰ চাপৰা গাঁৱৰ আব্দুল লতিফৰ পত্নী হনুফা নাছৰিন ৷ আৰক্ষীৰ মহিলা কনিষ্টবল হিচাপে কৰ্মৰত হনুফা নাছৰিনৰ বিৰুদ্ধে পূৰ্বে আন এটি শিশু হত্যাৰ অভিযোগ উত্থাপিত হৈছিল আৰু তেতিয়াই তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হয় ৷
বিবাহিত আব্দুল লতিফ নামৰ লোকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাৰ পিছতে তেওঁৰ সৈতে বিয়া হৈছিল হনুফাই । বিয়াৰ পিছৰে পৰা স্বামীৰ লগতে স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলাই আহিছে বুলি অভিযোগ উত্থাপন কৰিছে হনুফাই ৷ আনকি, আব্দুল লতিফৰ বিৰুদ্ধে বৰপেটা আৰক্ষীক অভিযোগ দিয়াৰ লগতে স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যাৰো চেষ্টা চলাইছিল হনুফাই ৷ মহিলাগৰাকীয়ে সোমবাৰে দিনৰ ভাগত হাউলিৰ পিতৃগৃহলৈ গৈছিল যদিও তাৰপৰা উভতি আহি নিশা বৰপেটা-হাউলি পথৰ ইছাৰ পেট্ৰ'ল পাম্পৰ সমীপত নিজ সন্তানক হত্যা কৰাৰ দৰে ভয়াৱহ ঘটনা সংঘটিত কৰে ৷