বৰপেটা, 13 জুলাইঃসোমবাৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে পৰিদৰ্শন কৰিলে বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলৰ লগতে অস্থায়ী শিবিৰসমূহ ৷ বানাক্ৰান্তৰ ওচৰত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে ক্ষয় ক্ষতিৰ বুজ ল'লে সাংসদ গৰাকীয়ে ৷ লগতে সাংসদ আব্দুল খালেকে নিজাববীয়াকৈ সাহাৰ্য বিতৰণ কৰে বানাক্ৰান্তৰ মাজত ।
সাংসদ আব্দুল খালেকে পৰিদৰ্শন কৰিলে অস্থায়ী শিবিৰ - MP Abdul Khaleq
বৰপেটাৰ সাংসদ আব্দুল খালেকে সোমবাৰে পৰিদৰ্শন কৰিলে বিভিন্ন বানাক্ৰান্ত অঞ্চলৰ লগতে অস্থায়ী শিবিৰসমূহ । তাৰোপৰি সাংসদ গৰাকীয়ে বানাক্ৰান্তৰ মাজত নিজাববীয়াকৈ বিতৰণ কৰে বান সাহাৰ্য । যিকোনো পৰিস্থিতিৰ বাবে SDRF, NDRFক সষ্টম কৰি ৰাখবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে বুলিও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে আব্দুল খালেকে ৷
![সাংসদ আব্দুল খালেকে পৰিদৰ্শন কৰিলে অস্থায়ী শিবিৰ বৰপেটা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8005901-725-8005901-1594627920482.jpg)
বৰপেটাৰ সাংসদ আব্দুল খালেকে পৰিদৰ্শন কৰিলে অস্থায়ী শিৱিৰ
বৰপেটাৰ সাংসদ আব্দুল খালেকে পৰিদৰ্শন কৰিলে অস্থায়ী শিৱিৰ
সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ গৰাকীয়ে বানপানীৰ ভয়াৱহতা বৰ্ণনা কৰাৰ লগতে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ SDRF,NDRF বাহিনীক সষ্টম কৰি ৰাখিবলৈ বৰপেটা,বঙাইগাঁও,চিৰাং আৰু বাক্সা জিলাৰ উপায়ুক্ত সকলক নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে । লগতে শীঘ্ৰে বানাক্ৰান্তলৈ পৰ্যাপ্ত সাহাৰ্য যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনায় সাংসদ গৰাকীয়ে ৷
Last Updated : Jul 13, 2020, 3:25 PM IST