বৰপেটা, 3 ফেব্ৰুৱাৰী: দীৰ্ঘদিন ধৰি বৰপেটা মেডিকেল কলেজ হাস্পতালতৰ (Barpeta Medical College Hospital) ব্লাড বেংকত তেজ প্ৰদানৰ নামত একাংশ দালালে পিয়াপি দি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে (Blood bank Scam in Barpeta) ৷ এইবাৰ খোদ বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে (Principal Dr Ramen Talukdar) ব্লাড বেংকত চলি থকা দালালৰ অতপালিৰ ঘটনাৰ বিষয়ে অৱগত কৰে ৷
অধ্যক্ষগৰাকীয়ে কয়, "সহজ সৰল গঞা ৰোগীৰ আত্মীয়ক টাৰ্গেট কৰি তেজ প্ৰদানৰ নামত একাংশই দালালৰাজ চলাই আহিছে ৷ কোনো এজন লোকক যদি জৰুৰীকালীনভাৱে তেজৰ প্ৰয়োজন হয় তেনেহ’লে আমি বিনিময়ত তেজ নোলোৱাকৈ তেজ যোগান ধৰো ৷ কিন্তু এই ঘটনাত এজন লোকে ৰক্ত পৰিশোধ কৰিবলৈ আহোঁতে এজন অচিনাকী লোকে তেওঁক ৰক্তদান কৰাৰ বিনিময়ত 7 হাজাৰ টকা লয় ৷ আমাৰ হাস্পতালখনত অচিনাকী ব্যক্তিৰ পৰা ৰক্ত নলব’লৈ বহুতো বেনাৰ-পোষ্টাৰ ৰাইজক সজাগ কৰিবলৈ লগাই থোৱা আছে ৷ তৎস্বত্বেও লোকজনৰ পৰা কোনো অচিনাকী লোকে ৰক্তৰ লেন দেনৰ নামত 7 হাজাৰ টকা লোৱাৰ অভিযোগত স্থানীয় থানাত গোচৰ ৰুজু কৰিছে ৷ ইতিমধ্য়ে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷"