অসম

assam

ETV Bharat / state

বৰপেটাৰ পাটবাউসীত ২৭ সংখ্যক মা মনসা পূজা মহোৎসৱ আৰম্ভ - পানী তোলা পৰ্ব

তিনিদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ পাটবাউসীত আৰম্ভ হৈছে মা মনসা পূজা মহোৎসৱ ৷ ২৭ সংখ্যক মা মনসা পূজা মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে বুধবাৰে পানী তোলা পৰ্ব অনুষ্ঠিত কৰা হয় । এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ।

পাটবাউসীত তিনিদিনীয়া কাৰ্যসূচীৰে ২৭ সংখ্যক মা মনসা পূজা মহোৎসৱ আৰম্ভ
পাটবাউসীত তিনিদিনীয়া কাৰ্যসূচীৰে ২৭ সংখ্যক মা মনসা পূজা মহোৎসৱ আৰম্ভ

By

Published : Mar 3, 2021, 4:19 PM IST

বৰপেটা, ৩ মাৰ্চ: দেৱী মনসাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে বৰপেটাৰ পাটবাউসী । বুধবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পাটবাউসীত অনুষ্ঠিত হৈছে ২৭ সংখ্যক মা মনসা পূজা মহোৎসৱ । বুধবাৰে পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠিত কৰা হৈছে মূল পূজা । ধূপ-দীপ, নৈবেদ্য আগবঢ়াই দেৱীৰ আশিস লয় ভক্তসকলে । মা মনসা পূজা মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে বুধবাৰে পুৱাই পানী তোলা পৰ্ব অনুষ্ঠিত কৰা হয় ।

পাটবাউসীত তিনিদিনীয়া কাৰ্যসূচীৰে ২৭ সংখ্যক মা মনসা পূজা মহোৎসৱ আৰম্ভ

গাঁওখনৰ জীয়ৰী-বোৱাৰীসকলে উপবাসে থাকি শোভাযাত্ৰা কৰি ন-খান্দা নৈত পানী তুলিবলৈ যায় আৰু নৈৰ পৰা পানী তুলি পুনৰ মনসা দেৱীৰ মন্দিৰলৈ ৷ এই শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে । জীয়ৰী-বোৱাৰীসকলৰ লগতে গাঁওখনৰ যুৱক আৰু জ্যেষ্ঠ লোকসকলেও পানী তোলা শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷ ইয়াৰ পিছত ধৰ্মীয় নিয়ম অনুসৰি মনসা দেৱীৰ পূজা আৰম্ভ হয় ৷

পাটবাউসীত তিনিদিনীয়া কাৰ্যসূচীৰে ২৭ সংখ্যক মা মনসা পূজা মহোৎসৱ আৰম্ভ

তিনিদিনীয়াকৈ অনুষ্ঠিত মা মনসা পূজা মহোৎসৱ উপলক্ষে নাম-প্ৰসংগৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে ৷ বুধবাৰে মা মনসা পূজা মহোৎসৱৰ প্ৰথম দিনটোত মনসা দেৱীৰ মন্দিৰলৈ বহু ভক্তৰ সমাগম হয় ।

লগতে পঢ়ক:ৰূপহীহাটত তৎপৰ আৰক্ষী আৰু ফ্লায়িং স্কোৱাড

ABOUT THE AUTHOR

...view details