বৰপেটাৰোড 18 ফেব্ৰুৱাৰী :মনত অদম্য হেঁপাহ থাকিলে যিকোনো অসম্ভৱ কামো যে সম্ভৱ কৰি তুলিব পাৰি তাৰেই এক জলন্ত উদাহৰণ দাঙি ধৰিছে বৰপেটাৰোডৰ সমীপৱৰ্তী গোৱৰ্ধনাৰ হাফিজুৰ আকন্দ নামৰ এজন দৰিদ্ৰ লোকে ৷ মাত্ৰ এটকা দুটকাকৈ সঞ্চয় কৰি হাফিজুৰ আকন্দে পূৰণ কৰিলে তেওঁৰ সপোন ৷ মুঠ ২২ হাজাৰ টকাৰ খুচুৰা পইচা(Coin) জমা কৰি হাফিজুৰে ক্ৰয় কৰিলে এখন স্কুটী ৷ বৰ্তমান সামাজিক মাধ্যমত হাফিজুৰৰ এনে কাৰ্যই এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে (Barpeta man bought scooter with coins) ৷
হাফিজুৰৰ সপোন আছিল, এখন দুচকীয়া বাহন ক্ৰয় কৰা ৷ কিন্তু একেলগে ইমান টকা যোগাৰ কৰা সম্ভৱ নাছিল হাফিজুৰৰ বাবে । কিন্তু সপোন এৰি দিবলৈ মনে কোৱা নাছিল । সেয়ে হাফিজুৰে উপাৰ্জনৰ খুচুৰা পইচাকেই সঞ্চয়ৰ বাবে এক অভিনৱ পন্থা হাতত লয় ৷ তেনেদৰেই জমা কৰি কৰি এটকীয়া, দুটকীয়া আৰু দহ টকীয়া মুদ্ৰা প্ৰায় এবছৰ ধৰি এনেকৈ সঞ্চয় কৰিলে ২২ হাজাৰমান টকা ৷ পাছত সেই টকা হাফিজুৰে ডাউন পেমেন্ট কৰি শ্ব’ৰুমলৈ আহিল ৷