কলগাছিয়া, 6 জুলাই : ৰাজ্যত শেহতীয়াকৈ আৰক্ষীৰ মাজত কোভিড-19ৰ সংক্ৰমণে আতংকৰ সৃষ্টি কৰাৰ সময়তে কলগাছিয়া আৰক্ষী থানাতো সৃষ্টি হৈছে আতংকৰ ৷ সোমবাৰে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাসসহ আৰক্ষী থানাৰ আন কেইবাজনো আৰক্ষীৰ জোৱানৰ লগতে এলেকাৰ 19 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি ৷
এই ঘটনাৰ পিছতে কলগাছিয়াত নিৰাপত্তাৰ দ্বায়িত্বত কোনো আৰক্ষীৰ লোকক থানাত উপস্থিত হোৱা দেখা নগ’ল । খবৰ সংগ্ৰহ কৰা সময়লৈকে কলগাছিয়া আৰক্ষী থানাখন ছীল কৰা হোৱা নাই যদিও বাহিৰা লোকক ভিতৰত প্ৰৱেশৰ বাধা আৰোপ কৰা হৈছে ৷ কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত কলিতাই সদৰি কৰে এই কথা ।