অসম

assam

ETV Bharat / state

কিয় উচুপিছে তৌফিকুৰ ৰহমানে ! - কলগাছিয়াত ক্ৰন্দনৰত বিজেপি প্ৰাৰ্থী

'' দিল্লীতো বিজেপি চৰকাৰ, অসমতো বিজেপিৰ চৰকাৰ । সেয়ে বিজেপিক ভোট নিদিলে অন্য ৰাস্তা নাই "

জনীয়াত বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Oct 2, 2019, 8:37 AM IST

Updated : Oct 2, 2019, 10:29 AM IST

বৰপেটা, 2 অক্টোবৰ:জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ ইউ, ডি, এফৰ সমান্তৰাল কৈ প্ৰচাৰত অৱতীৰ্ণ হৈছে বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমান । মঙলবাৰে সন্ধিয়া কলগাছিয়াৰ নৱোদয় পুথিভঁৰালত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত দলৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানে জয়যুক্ত হ'লে কলগাছিয়াত মহকুমা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

"দিল্লীতো বিজেপি চৰকাৰ, অসমতো বিজেপিৰ চৰকাৰ । সেয়ে বিজেপিক ভোট নিদিলে অন্য ৰাস্তা নাই ", বুলি মন্তব্য কৰি প্ৰাৰ্থী গৰাকীয়ে জনীয়াত কংগ্ৰেছ আৰু ইউ ডি এফৰ দুৰ্গ ভাঙি দিব বুলি জনায় । লগতে মুছলমানে বিজেপিক ভোট নিদিয়ে বুলি উচুপি উচুপি কান্দি উঠে প্ৰাৰ্থী গৰাকীয়ে । কংগ্ৰেছ আৰু ইউ ডি এফ দুয়োটা দলকে বিজেপি প্ৰাৰ্থী গৰাকীয়ে কঠোৰ সমালোচনা কৰে ।

ভাষণৰ মাজতে শ্বায়েৰী আৰু অভিনয় কৰি নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাৰ্থী গৰাকীয়ে । প্ৰাৰ্থী গৰাকীয়ে NRC ক ন্যায় সংগত বুলি গ্ৰহণ কৰাৰ সমান্তৰাল কৈ CAB ৰো পোষকতা কৰে বুলিও জনায় ৷

জনীয়াত তৎপৰ বিজেপি প্ৰাৰ্থী
Last Updated : Oct 2, 2019, 10:29 AM IST

ABOUT THE AUTHOR

...view details