অসম

assam

ETV Bharat / state

জনীয়াৰ এ আই বি ইটাৰ ভাটাত তীব্ৰ খাদ্য সংকট - JANIA AIB BRICKS INDUSTRY

বৰপেতাৰ এ আই বি ইটাৰ ভাটাত খাদ্য সংকট ৷ মালিকে শ্ৰমিক সকলক অৱহেলা কৰাৰ অভিযােগ ৷

borpeta-jonia-a-i-b-woner-miss-behave-labure
জনীয়াৰ এ আই বি ইটাৰ ভাটাত তীব্ৰ খাদ্য সংকট

By

Published : Apr 15, 2020, 11:30 AM IST

জনীয়া 15 এপ্ৰিল : বৰপেতা জিলাৰ জনীয়াস্থিত এ আই বি ইটাৰ ভাটাৰ এক অমানৱীয় ছবিয়ে ব্যথিত কৰি তুলিছে সকলোকে ৷ ল’ক ডাউনৰ ফলত ইটা ভাটাটোত আবদ্ধ হৈ পৰিছে কণ কণ শিশুসহ অৰ্ধশতাধিক শ্ৰমিক।স্বত্বাধিকাৰ ইছমাইল হুছেইনে শ্ৰমিক সকলৰ খাদ্য সামগ্ৰী যোগান ধৰা বাদেই খবৰ এটাও নোলোৱাৰ অভিযোগ শ্ৰমিকসকলৰ।

জনীয়াৰ এ আই বি ইটাৰ ভাটাত তীব্ৰ খাদ্য সংকট

শ্ৰমিকসকলে এই সন্দৰ্ভত ভাটাৰ মালিকক ফোন কৰিলেও অশ্লীল গালি-গালাজ পৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। শ্ৰমিক সকলৰ এই দুৰ্যোগ সন্দৰ্ভত বাঘবৰ ৰাজহ চক্ৰ বিষয়াক অৱগত কৰাত চক্ৰ বিষয়াই গাওঁবুঢ়া আৰু স্থানীয় কৰ্মচাৰী এজনৰ জৰিয়তে খবৰ লয়। বৰপেটা জিলা প্ৰশাসনে শ্ৰমিক সকলক ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায়।
লগতে পঢক : নিতাল নিস্তব্ধ আজি ৰংঘৰৰ বাকৰি


ABOUT THE AUTHOR

...view details