অসম

assam

বৰপেটা সত্ৰৰ বৰখালত দুদিনীয়া কাৰ্যসূচীৰে যাত্ৰা নাট সমাৰোহ

By

Published : Jan 20, 2020, 12:18 PM IST

বৰপেটাৰ যাত্ৰা নাটৰ গৌৰৱময় ইতিহাস সুঁৱৰি বৰপেটা সত্ৰৰ বৰখালত শনিবাৰৰ পৰা আৰম্ভ হৈছে যাত্ৰা নাট সমাৰোহ ৷ সত্ৰৰ তিথি উৎসৱ সমুহত যাত্ৰান নাট পৰিৱেশনত গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত যাত্ৰা নাট সমাৰোহ
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত যাত্ৰা নাট সমাৰোহ

বৰপেটা, 20 জানুৱাৰীঃলোক কলা,সত্ৰীয়া সংস্কৃতিৰ লগতে যাত্ৰা নাট,ভাওনা আদি বিবিধ কৃষ্টি সংস্কৃতিৰ মেটমৰা সম্ভাৰেৰে ভৰপুৰ বৰপেটাৰ সংস্কৃতিৰ বৰঘৰ ৷ এসময়ত ব্যাপকভাৱে প্ৰচলিত বৰপেটাৰ যাত্ৰা নাটৰ গৌৰৱময় ইতিহাস সুঁৱৰি বৰপেটা সত্ৰৰ বৰখালত শনিবাৰৰ পৰা আৰম্ভ হৈছে যাত্ৰা নাট সমাৰোহ ৷

দুদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰৰ বৰখালত অনুষ্ঠিত যাত্ৰা নাট সমাৰোহ

এই যাত্ৰা নাট সমাৰোহত শনিবাৰ আৰু দেওবাৰে নিশা মঞ্চস্থ কৰা হয় শকুনিৰ প্ৰতিশোধ,উমাতাৰা,দানবীৰ ৰজা হৰিশ্চন্দ্ৰ আৰু ৰক্ষকুমাৰ নামৰ নাট চাৰিখন ৷ যাত্ৰা নাটকৰ ক্ষেত্ৰত সম্প্ৰতি ম্লান পৰিছে বৰপেটাৰ পূৰ্বৰ গৰিমা ৷ সেয়েহে ইয়াৰ চৰ্চা অব্যাহত ৰখাৰ উদ্দেশ্যৰে,সামাজিক-সাংস্কৃতিক অনুষ্ঠান তাঁতীকুছিয়ে এইবেলি অনুষ্ঠিত কৰে এই যাত্ৰা নাট সমাৰোহ ৷ পূৰ্বতে বৰপেটা সত্ৰৰ বংশৰাসকলৰ দ্বাৰা যাত্ৰানাট পৰিৱেশন কৰা হৈছিল ৷ পূৰ্বৰ গৰিমা সুঁৱৰি সত্ৰৰ বংশৰাসকলৰ দ্বাৰা সত্ৰৰ তিথি উৎসৱ সমুহত যাত্ৰানাট পৰিৱেশনত গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই

লগতে পঢ়কঃবৰ্ণিল কাৰ্যসূচীৰ মাজুলীত আৰম্ভ অসম ভাওনা সমাৰোহ

ABOUT THE AUTHOR

...view details