জনীয়া, 14 মাৰ্চঃ বৰপেটাৰ জনীয়াৰ ছিধনী গাঁৱৰ আলমিনা খাতুন নামৰ এগৰাকী মহিলা নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আলমিনা খাতুন নামৰ মহিলাগৰাকী সামাজিক নীতি-নিয়মেৰে একে মৌজাৰে ছিধনী গাঁৱৰ আয়নাল হকৰ সৈতে ডেৰ বছৰ পূৰ্বে বিবাহ হৈছিল । ইয়াৰ পিচতে ছয়মাহ পূৰ্বে আলমিনা খাতুনে এজনী কন্যা সন্তান জন্ম দিয়ে । বিয়াৰ পাছৰ পৰাই আলমিনাৰ স্বামী আয়নাল হকে আলমিনাৰ ওপৰত চলাই আহিছিল শাৰীৰিক নিৰ্যাতন। যোৱা ৬ মাৰ্চত আলমিনাই ভ্ৰাতৃলৈ ফোন কৰি মাকৰ ঘৰলৈ লৈ যাবলৈ কয় । সেয়াই আছিল আলমিনাই ককায়েকলৈ কৰা শেষ ফোন। ভগ্নীৰ ফোনৰ পিচতে জেষ্ঠ ভাতৃ ভগ্নীৰ স্বামী গৃহত উপস্থিত হয় যদিও আলমিনাক তাইৰ ছয়মহীয়া সন্তানসহ স্বামী গৃহত নাপায় । আলমিনা ক'ত আছে বুলি প্ৰশ্ন কৰাত আলমিনাৰ স্বামী পৰিয়ালে অশ্লীল গালি গালাজ পৰাৰ লগতে মাৰ-পিট কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে।
জনীয়াত শিশুসহ সন্ধানহীন এগৰাকী মহিলা - বৰপেটাৰ জনীয়াৰ ছিধনী
বৰপেটাৰ জনীয়াৰ ছিধনীৰ আলমিনা খাতুন নামৰ এগৰাকী বিবাহিত মহিলা ৬ মহীয়া সন্তানসহ ৰহস্যজনক নিৰুদ্দেশ। বৰপেটা সদৰ থানাত এজাহাৰ দাখিল। আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট আলমিনাৰ পিতৃ পৰিয়ালৰ লগতে আত্মীয়। স্বামীগৃহৰ ৰহস্যজনক ভূমিকা ৷
জনীয়াত শিশুসহ সন্ধানহীন এগৰাকী মহিলা
ঘটনা সন্দৰ্ভত আলমিনাৰ জেষ্ঠ ভাতৃয়ে বৰপেটা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আলমিনাৰ পৰিয়াল আৰু আত্মীয়ই। আলমিনাৰ পৰিয়াল দুখীয়া হোৱাৰ কাৰণে আৰক্ষীয়ে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ কৰে । আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি আলমিনাৰ সন্ধান উলিওৱাৰ লগতে আলমিনাৰ স্বামীক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে পৰিয়াল আৰু ৰাইজে।
লগতে চাওকঃ