অসম

assam

ইতিহাসত পৰিণত বৰপেটাৰ ঐতিহ্যমণ্ডিত হাতীদাঁতৰ শিল্প

By

Published : Aug 8, 2020, 12:53 AM IST

সত্ৰনগৰী বৰপেটাক সমৃদ্ধ কৰা বিবিধ সাংস্কৃতিক বৈভৱ আৰু থলুৱা শিল্পসমূহৰ ভিতৰত অন্যতম হৈছে হাতীদাঁতৰ শিল্প ৷ কিন্তু আজি পাহৰণি গৰ্ভত অপূৰ্ব কলা নিপুনতাৰ চানেকি বৰপেটাৰ এই হাতীদাঁতৰ শিল্প ৷

ইতিহাসত পৰিণত বৰপেটাৰ ঐতিহ্যমণ্ডিত হাতীদাঁতৰ শিল্প
ইতিহাসত পৰিণত বৰপেটাৰ ঐতিহ্যমণ্ডিত হাতীদাঁতৰ শিল্প

বৰপেটা, 7 আগষ্ট: হাতীদাঁত শিল্পৰ বাবে বিশ্ব বিখ্যাত হৈছে সত্ৰনগৰী বৰপেটা ৷ এসময়ৰ পাঠ্যপুঠিত থকা এই বাক্যশাৰী আজি হৈ পৰিছে অতীত ৷ বৰপেটাৰ হাতীদাঁত শিল্পকলৈ ইটিভি ভাৰতে যুগুতোৱা এক বিশেষ প্ৰতিবেদন ৷

বন্য জীৱ জন্তুৰ অংগ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি ভাৰত চৰকাৰে ১৯৭৭ চনৰ পৰাই শিল্পীসকলক হাতীদাঁতৰ যোগান ধৰা বন্ধ কৰাৰ পিচৰে পৰাই ক্ৰমে মৃত্যুমুখলৈ আগবঢ়া বৰপেটাৰ ঐতিহ্যপূৰ্ণ হাতীদাঁত শিল্পৰ আছে এক অনন্য ইতিহাস ৷

টীকেন বায়ণ

বৰপেটা সত্ৰৰ থানৰ বাতৰি বিলাবলৈ যোৱা আত্মাৰাম দাস নামৰ ভকতগৰাকীয়ে থানৰ বাতৰি বিলোৱাৰ অৱসৰতে পোন প্ৰথমবাৰৰ বাবে শিৱসাগৰত শিকিছিল এই হাতীদাঁতৰ শিল্পৰ কাম ৷ আহোম ৰাজ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা শিৱসাগৰৰ হাতীদাঁত শিল্পই বৰপেটাৰ নিপুণ শিল্পীসকলৰ হাতত যেন লাভ কৰিছিল পূৰ্ণতা আৰু এক অনন্য মাত্ৰা ৷

আনহাতে হাৰাপ্পান চাইট সমূহতো পোৱা গৈছে পাঁচ হাজাৰ বছৰ পুৰণি বহু আইভৰি সামগ্ৰী ৷ আনকি কৌটিল্যৰ অৰ্থশাস্ত্ৰতো আছে আইভৰি বা হাতীদাঁতৰ বাণিজ্যৰ উল্লেখ ৷ ভাৰতৰ কাৰুশিল্পী কাউন্সিলৰ তথ্য মতে, ভাৰতৰ মুঠ হাতীদাঁতৰ সংখ্যা হৈছে প্ৰায় 6 হাজাৰ ৷

উল্লেখ্য যে, Convention on International Trade in Endangered Species (CITES) চুক্তিৰ পাচতেই 1989 চনত বন্ধ হৈ পৰে আফ্ৰিকাত হাতীদাঁতৰ সৰবৰাহ ৷ ইয়াৰ তিনি মাহ পাচতেই ভাৰততো সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হয় হাতী দাঁতৰ লগত জড়িত সকলো কাম কাজ ৷

এসময়ত ভাৰতৰ মুৰ্ছিদাবাদ, জয়পুৰ, উদয়পুৰ, কোচি, তিৰুবন্তপুৰুম তথা অসম হাতীদাঁতৰ শিল্পীৰ বাবে আছিল প্ৰসিদ্ধ ৷ কিন্তু এই নিষেদ্ধাজ্ঞাৰ পাচতেই এই শিল্পীৰ লগত জড়িত বহু শিল্পীয়ে সলনি কৰে নিজৰ জীৱিকাৰ পথ ৷ ফলত বৃন্দাৱন একালত ছন পৰাৰ দৰেই বৰপেটাৰ সমাজ সংস্কৃতিক সমৃদ্ধ কৰা হাতীদাঁত শিল্পও এতিয়া মাথো পাহৰণি ৷

তথাপিও বৰপেটাৰ ৰাধানাথ আইভৰী নামৰ শিল্প প্ৰতিষ্ঠানটোৰগৰাকী স্বৰ্গীয় শৈলেন দাসৰ গৃহত শিল্পীসকলে অতি সূক্ষ্ম কলা নৈপুণ্যৰে হাতীদাঁতত কাটি উলিওৱা হাতী, গঁড়, বুদ্ধৰ মূৰ্তি, ফণি, মহিলাসকলে কাণত পিন্ধা টপ, গুৰুআসন, ইংলেণ্ডৰ ৰজা ৰাণীৰ প্ৰতিচ্ছবি কাটি উলিওৱা আইনা আদি শিল্পকলাৰ চানেকি সমূহ আজিও বহন কৰি আছে পূৰ্বৰ গৰিমা ৷

ইতিহাসত পৰিণত বৰপেটাৰ ঐতিহ্যমণ্ডিত হাতীদাঁতৰ শিল্প

ইপিনে বৰপেটাৰ হাতীদাঁত শিল্পৰ সৈতে জড়িত সম্ভৱত জীৱিত অৱস্থাত থকা শেষৰগৰাকী শিল্পী হৈছে টীকেন বায়ণ৷ জীৱনৰ সুদীৰ্ঘ 11-12 বছৰ বয়সৰ পৰাই হাতীদাঁত শিল্পৰ সৈতে জড়িত আছে বৰপেটাৰ এইগৰাকী শিল্পী ৷ শিল্পীগৰাকীৰ এতিয়া সপোন নতুন প্ৰজন্মই লাভ কৰক এই হাতীদাঁত শিল্প কাৰ্যৰ বিদ্যা ৷ যাৰ বাবে কিছু পৰিমাণে আইন শিথিল কৰি বন্য জীৱ জন্তুৰ কোনো অনিষ্ট নোহোৱাকৈ শিল্পটোক জীয়াই ৰখাৰ স্বাৰ্থত চৰকাৰে শিল্পীসকলক সামান্য পৰিমাণে হাতীদাঁত যোগান ধৰাৰ আহ্বান জনায় শিল্পীগৰাকীয়ে ৷ অতীতৰ স্মৃতি সোঁৱৰি হাতীদাঁতৰ অৱশিষ্ট টুকুৰাবোৰকে লিৰিকি বিদাৰি নষ্টালজিক হৈ পৰে শিল্পীগৰাকী ৷

এসময়ত বৰপেটাৰ শিল্পীসকলে অসম ভ্ৰমণলৈ অহা বিশিষ্ট ব্যক্তি অথবা ৰাষ্ট্ৰনায়ক সকলক হাতীদাঁতেৰে নিৰ্মাণ কৰা বিবিধ অপূৰ্ব কলা সামগ্ৰী প্ৰদান কৰাতোও একপ্ৰকাৰৰ অঘোষিত নিয়ম আছিল ৷ আনহাতে সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক টীকেন বায়ণে স্বয়ং হাতীদাঁতেৰে প্ৰস্তুত কৰা এখন ভেনিটী বেগ ৰাজ্য চৰকাৰে উপহাৰ দিয়াৰ কথাও সোঁৱৰে শিল্পীগৰাকীয়ে ৷

অৱশ্যে হাতীদাঁত শিল্পৰ সৈতে জড়িত থকা পৰিয়াল সমূহ আজি নিয়োজিত কাঠত ধৰ্মীয় মূৰ্তি কটা, গুৰু আসন নিৰ্মাণ কৰা, সত্ৰৰ কীৰ্তন ঘৰৰ দৰ্জা নিৰ্মাণ আদি কাৰ্যত ৷ এতিয়াও কাঠৰ কামেৰে সত্ৰীয়া সংস্কৃতিক সমৃদ্ধিশালী কৰি ৰাখিছে এই শিল্পীসকলে ৷ পিছে এই শিল্পীপৰিয়াল সমূহে আজিলৈ চৰকাৰৰ পৰা লাভ কৰা নাই কোনো সন্মান, স্বীকৃতি তথা সাহায্য ৷ পূৰ্বৰ পৰাই শিল্পী পেঞ্চন দাবী কৰি আহিছে যদিও এই শিল্পী পৰিয়াল সমূহৰ দাবীৰ প্ৰতি যেন সদয় নহয় চৰকাৰ ৷ সেয়েহে ইটিভি ভাৰতৰ আহ্বান শিল্পী পেঞ্চন প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰে এই সকল শিল্পীক প্ৰদান কৰক উচিত সন্মান ৷

লগতে চাওক-17 বছৰীয়া কিশোৰীৰ পেটৰ পৰা ওলাল ডেৰ কেজি চুলি

ABOUT THE AUTHOR

...view details