বৰপেটা ১৪ ফেব্ৰুৱাৰী: ৰাজ্যত সংঘটিত ৫০০ কোটি টকীয়া বীমা কেলেংকাৰীত জড়িত আৰু তিনিজন অভিযুক্ত আৰক্ষীৰ জিম্মাত ৷ ধৃত অভিযুক্তকেইজন ক্ৰমে মহম্মদ মফিজুদ্দিন, ছিৰাজুল হক আৰু হবিবৰ ৰহমান ৷ আটকাধীন মহম্মদ মফিজুদ্দিন তাপাজুলি বিদ্যাভৱন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৷ মফিজুদ্দিনৰ ঘৰ বৰপেটা জিলাৰ জনিয়াত বুলি সদৰী কৰে আৰক্ষীয়ে ৷
মফিজুদ্দিনে আবুল হুছেইন নামৰ এজন অস্তিত্বহীন ব্যক্তিৰ নামত প্ৰদান কৰিছিল ভূৱা শিক্ষাগত প্ৰমান পত্ৰ ৷ উক্ত প্ৰমানপত্ৰৰে আবুল হুছেইনৰ নামত বীমা কৰি পিচত লোকজনৰ মৃত্যু হোৱা বুলি দেখুৱাই বৃহৎ পৰিমাণৰ বীমাৰ ধন উলিয়াই নিছিল ৷ আনহাতে, ধৃত আনজন শিক্ষক ছিৰাজুল হক খান কয়াকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৷ ছিৰাজুল হকৰ ঘৰ সৰুক্ষেত্ৰীৰ কয়াকুছিত ৷ ছিৰাজুল হক খানে মইনুদ্দিন আহমেদ নামৰ এজন লোকৰ নামত মৃত্যুৰ পিছত ভূৱা পলিচি কৰি বীমাৰ ধন উলিয়াইছিল ৷ তাৰোপৰি হবিবৰ ৰহমান নামৰ বীমা কেলেংকাৰীৰ অভিযুক্ত ব্যক্তি গৰাকী পেচাত এগৰাকী দালাল ৷ ঘৰ বৰপেটা জিলাৰ গাগলমাৰীত ৷ সম্প্ৰতি বীমা কেলেংকাৰীটোৰ তদন্তকাৰী বিষয়া সমীৰণ বৈশ্যই জেৰা চলাই আছে অভিযুক্তকেইজনৰ ওপৰত ৷