বৰপেটা, ৭ মে': প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ ধনৰাশিৰে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিৰ্মাণ কৰা হ'ল ৩২ খন অতিৰিক্ত বিচনাযুক্ত আই চি ইউ । বৰ্তমান চিকিৎসা মহাবিদ্যালয়খনত মুঠ ১১৩ জন কৰ'ণা আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা উপলব্ধ হৈ আছে যদিও সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শুক্ৰবাৰে নতুনকৈ ভেন্টিলেটৰ সংযোগী ৩২ খন অতিৰিক্ত বিচনাৰ আই চি ইউ সম্পূৰ্ণ কৰি তোলা হৈছে ।
পূৰ্বতে হাস্পতালখনত ১৫ খন আই চি ইউ বিচনাৰ ব্যৱস্থা আছিল ৷ এতিয়া বিচনাৰ সংখ্যা ৪৭ হৈছেগৈ । তদুপৰি বৰপেটা অসামৰিক চিকিৎসালয়ত সম্প্ৰতি ১০০ জন ক'ভিড ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে । ইফালে, বৰপেটা জিলাত কৰ'ণা আক্ৰান্তৰ হাৰ ৭ শতাংশলৈ বৃদ্ধি পাইছে ৷ বৰপেটাত বিগত ২৪ ঘন্টাত ১৩৮ জন লোক মহামাৰীৰ কবলত পৰিছে ।