বৰপেটা, 4 জুন : ক্ৰমাৎ অবৈধ আৰু বে-আইনী কাৰ্যকলাপৰ হটস্পটত পৰিণত হৈছে বৰপেটা ৷ বৰপেটা চহৰৰ বিভিন্ন স্থানত ড্ৰাগছ-সুৰা আৰু জুৱাৰ সমান্তৰালভাৱে গঢ় লৈ উঠিছে দেহ ব্যৱসায়ৰ ঘাটি ৷ আৰক্ষী অধীক্ষকৰ বাসভৱনৰ নাতি দূৰৈত চলিছে নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় ৷ হোটেল নহয়, ব্যক্তিগত লোকৰ ঘৰত চলে দেহ ব্যৱসায় ৷
স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে বৰপেটাৰ দঙৰকুছিত আৰক্ষীয়ে অভিযান চলায় ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ বাসভৱনৰ পৰা প্ৰায় দুই কিলোমিটাৰ নিলগত অৱস্থিত এটা আবাস গৃহত অভিযান চলাই আবাস গৃহটোৰ চৌহদৰ পৰা দুখন বাইক আৰু স্কুটীৰ লগতে এখন ইয়ন গাড়ী জব্দ কৰিছিল যদিও ৰহস্যজনক ভাৱে ইয়ন গাড়ীখন মুকলি কৰি দিয়ে আৰক্ষীয়ে ৷ ইপিনে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এগৰাকী যুৱতী সহ মুঠ চাৰিজন লোকক আটক কৰিছিল যদিও বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে পিচত এগৰাকী যুৱতী সহ এজন লোককহে আটক কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
আৰক্ষীয়ে আবাস গৃহটোৰ গৰাকী ভাস্কৰ দাসকো আটক কৰিছিল যদিও ভাস্কৰ দাসৰ বিষয়েও আৰক্ষীয়ে প্ৰকাশ কৰা নাই কোনো তথ্য ৷ অৱশ্যে উক্ত অভিযানৰ সময়ত এগৰাকী যুৱতী সহ আন তিনিজন যুৱকে পলায়ন কৰিবলৈ সক্ষম হয় ৷ শেহতীয়াভাৱে এগৰাকী যুৱতী সহ জইনুদ্দিন নামৰ এজন লোকক আটক কৰি সমগ্ৰ ঘটনা গাপ দিব বিচৰা বুলি আৰক্ষীৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷