অসম

assam

ETV Bharat / state

মিজোৰাম সীমান্তত শ্বহীদ নাজমূল হকৰ বাসগৃহত শোকাকুল পৰিৱেশ

মিজো আৰক্ষীৰ গুলীত কনিষ্ঠ পুত্ৰক হেৰুৱাই কান্দোনত ভাঙি পৰিছে বৃদ্ধ মাতৃ ৷ মিজো আৰক্ষীৰ গুলীত আহত হোৱাৰ পাছতেই ঘৰলৈ ফোন কৰিছিল জোৱানজনে ৷ সীমান্তৰ পৰিস্থিতিৰ সন্দৰ্ভত ভাতৃৰ ভাষ্য উল্লেখ কৰি শোকত ভাঙি পৰে জ্যেষ্ঠ ভাতৃ ৷

barpeta-howly-swahid-jowan
মিজোৰাম সীমান্তত শ্বহীদ নাজমূল হকৰ গাঁৱৰ বাসগৃহত শোকাকুল পৰিবেশ

By

Published : Jul 27, 2021, 10:41 PM IST

বৰপেটা, ২৭ জুলাই :সোমবাৰে মিজো সীমান্ত (Assam Mizoram border)ৰ লাইলাপুৰত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণত শ্বহীদ হোৱা 6 গৰাকী আৰক্ষীৰ জোৱানৰ ভিতৰত আছে বৰপেটাৰ হাউলীৰ কদমগুৰি গাঁৱৰ মৃত হাবেজউদ্দিনৰ পুত্ৰ নাজমূল হক । মৃত্যুৰ সময়ত নাজমূল হকৰ বয়স আছিল ৪০ বছৰ ৷ ২০০১ চনত বৰপেটাৰ হাউলীৰ এটি দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ অসম আৰক্ষীৰ ৬ নং ABPN ত যোগদান কৰিছিল নাজমূলে । কিন্তু সোমবাৰে তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলবাসীকে শোকাহত কৰি তুলিছে ।

সোমবাৰে দেহত গুলী লগাৰ পিচতে ঘৰলৈ ফোন কৰিছিল জোৱানজনে ৷ নাজমূল হকৰ জ্যেষ্ঠ ভাতৃয়ে জানিবলৈ দিয়া মতে, ছয়জন ভাই-ককাই আৰু তিনিগৰাকী ভগ্নীৰ ভিতৰত নাজমূল আছিল কনিষ্ঠ পুত্ৰ ৷ পৰিয়ালটোৰ নাজমূলেই আছিল একমাত্ৰ চাকৰিয়াল ৷

মিজোৰাম সীমান্তত শ্বহীদ নাজমূল হকৰ গাঁৱৰ বাসগৃহত শোকাকুল পৰিবেশ

নাজমূল হক শিলচৰত কৰ্মৰত হৈ থকাৰ লগতে তেওঁৰ সৈতে একেলগে শিলচৰতে আছিল পত্নী আৰু দুই সন্তান ৷

মৃত্যুৰ সময়ত বৃদ্ধ মাতৃ আৰু ভাই-ভনীৰ লগতে পত্নী তথা দুই শিশু সন্তানক এৰি গৈছে আৰক্ষী জোৱানজনে ৷ সন্তান দুটাৰ এটাৰ বয়স ১১ বছৰ আৰু আনটোৰ বয়স ৮ বছৰ ৷ প্ৰায় তিনিমাহ পূৰ্বে ঘৰলৈ আহি গৈছিল নাজমূল ৷

মিজোৰাম সীমান্তত শ্বহীদ নাজমূল হকৰ গাঁৱৰ বাসগৃহত শোকাকুল পৰিবেশ

ইপিনে কেন্দ্ৰ আৰু দুয়োখন ৰাজ্যতে যি সময়ত বিজেপিয়ে শাসন কৰি আছে, তেনে সময়তে এনেদৰে নিজ দেশৰ ভিতৰতে আৰক্ষীৰ গুলীত শ্বহীদ হ’বলগীয়া হোৱাটোক দুৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰিছে নাজমূলৰ পৰিয়ালৰ লোকে ৷ চীন, পাকিস্তান বা বাংলাদেশৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হ’বলগা হ’লে দুখ নালাগিলহেঁতেন বুলিও মন্তব্য পৰিয়ালৰ লোকে ৷ আনহাতে নাজমূলৰ দৰে যাতে আন কোনো এনেদৰে শ্বহীদ হ’বলগা নহয় তাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma)ক শীঘ্ৰে সীমা সমস্যা সমাধানৰ আহ্বান জনায় পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক :DHD ৰ প্ৰাক্তন কেডাৰৰে বৈঠকত মিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details