বৰপেটা, ১৮ নৱেম্বৰ: শিক্ষা বিভাগে শেহতীয়াকৈ ৰাজ্যৰ বহু উচ্চ মাধ্যমিক বিদ্যালয়(High School)ক উচ্চতৰ মাধ্যমিক বিদ্যালয়(Higher secondary) হিচাপে স্বীকৃতি দিছে । বৰপেটা(Barpeta) জিলাৰ ৮ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে । এই বিদ্যালয়কেইখনৰ ভিতৰত অন্যতম দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুল(South Barpeta Vidyamandir High School) । বৃহস্পতিবাৰে শিক্ষা বিভাগৰ ফালৰ পৰা দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ শুভ উদ্বোধন কৰা হয় ।
১৯৫০ চনত স্থাপন কৰা হৈছিল এই বিদ্যালয়খন । প্ৰায় ৭১ বছৰ গৰকা এই বিদ্যালয়খনক যোৱা ছেপ্টেম্বৰ মাহতে উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে চৰকাৰে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে । বৰপেটা চহৰৰ দক্ষিণ অঞ্চলত থকা এই বিদ্যালয়খনে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্বীকৃতি লাভৰ খবৰে অঞ্চলটোৰ ৰাইজলৈ আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে । বৰ্তমান চাৰিওফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সংখ্যা বৃদ্ধি আৰু সততে তেনে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ অধিক আগ্ৰহী হোৱা দেখা যায় ।