অসম

assam

By

Published : Mar 21, 2020, 5:25 PM IST

ETV Bharat / state

বৰপেটাৰ হাউলীত ১৪৪ ধাৰা অমান্য কৰি খোলা থাকিল সাপ্তাহিক বজাৰ

জিলা প্ৰশাসনৰ নিষেধাজ্ঞা অমান্য কৰি বৰপেটাৰ হাউলী চহৰত খোলা থাকিল সাপ্তাহিক বজাৰ ৷ শনিবাৰে বৃহৎ সমাগম দেখিবলৈ পোৱা গ'ল বজাৰত ৷ বন্ধ ঘোষণাৰ বিষয়ে নাজানে ব্যৱসায়ীয়ে ৷

বৰপেটা
বৰপেটাৰ হাউলীত ১৪৪ ধাৰা অমান্য কৰি খোলা থাকিল সাপ্তাহিক বজাৰ

বৰপেটা, ২১ মাৰ্চঃ কৰ'ণা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ তাৎক্ষনিক ব্যৱস্থা হিচাপে বৰপেটা জিলা প্ৰশাসনে ইতিমধ্যে বৰপেটা জিলাত ১৪৪ ধাৰা জাৰি কৰিছে ৷ আনকি জিলাখনৰ শ্বপিং মলসমুহৰ লগতে জিলাখনৰ সকলোবোৰ অৰ্ধ সাপ্তাহিক, সাপ্তাহিক, পষেকীয়া হাট, বজাৰ, গৰু বজাৰ আদি বন্ধৰ নিৰ্দেশ দিছে বৰপেটাৰ উপায়ুক্তই ৷ কৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে জাৰি কৰা সকলো নিষেধাজ্ঞা আওকান কৰি শনিবাৰে খোলা আছে হাউলী চহৰৰ সাপ্তাহিক বজাৰ ৷

বৰপেটাৰ হাউলীত ১৪৪ ধাৰা অমান্য কৰি খোলা থাকিল সাপ্তাহিক বজাৰ

বজাৰ খোলা বাবেই হাউলীৰ সাপ্তাহিক বজাৰত ব্যাপক জনসমাগম দেখিবলৈ পোৱা যায়৷ শনিবাৰৰ পুৱা ভাগৰ পৰা বৃহত্তৰ হাউলীৰ লগতে, ভৱানীপুৰ, বৰপেটা, বৰপেটাৰোড, কলগাছিয়া, দনীয়া, বাঘবৰ আদি জিলাখনৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ী আৰু গ্ৰাহক আহি বজাৰত ভীৰ কৰা পৰিলক্ষিত হয় ৷ জিলা প্ৰশাসনৰ এনে নিষেধাজ্ঞা অমান্য কৰাৰ কথাত উদ্বিগ্ন হৈ পৰিছে ৰাইজ ৷

আনহাতে, প্ৰশাসনে নিষেধাজ্ঞা আৰোপতে সীমাৱদ্ধ নাথাকি নিৰ্দেশ সমূহ কাৰ্যকৰীকৰণত মনোনিবেশ নকৰিলে কৰ'না ভাইৰাছ সংক্ৰমণ ৰোধত সফল হ'ব পৰা নাযাব বুলি ৰাইজে মন্তব্য কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত হয়তো পৰৱৰ্তী সময়ত জিলাখনত এক ডাঙৰ প্ৰত্যাহ্বান সৃষ্টি হ'ব ৷

ABOUT THE AUTHOR

...view details