অসম

assam

By

Published : Nov 6, 2019, 10:01 AM IST

ETV Bharat / state

১১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাউলীত ৰাস মহোৎসৱঃ প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃন্ময় শিল্পী

অহা ১১ নবেম্বৰৰ পৰা ১৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব বৰপেটাৰ হাউলী চহৰৰ ৰাস মহোৎসৱ ৷ ৰাস মহোৎসৱৰ বাবে ইতিমধ্যে প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল

১১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাউলীত ৰাস মহোৎসৱঃ প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃন্ময় শিল্পী

বৰপেটা, ৬ নৱেম্বৰঃ শৰতৰ আগমনৰ লগে লগে আৰম্ভ হয় ৰাস মহোৎসৱৰো বতৰ ৷ গোপীসকলৰ সৈতে যমুনাৰ তীৰত ৰাস ক্ৰীড়া কৰা জগতপতি শ্ৰীকৃষ্ণৰ কাহিনী সমূহক লোক সমাজত দাঙি ধৰাৰ বাবেই ৰাজ্যখনত পালন কৰি আহিছে ৰাস মহোৎসৱ ৷ নামনি অসমৰ ৰাস মহোৎসৱ সমূহৰ ভিতৰত হাউলী ৰাসৰ আছে এক সুকীয়া স্থান ৷ অহা ১১ নবেম্বৰৰ পৰা ১৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'ব বৰপেটাৰ হাউলী চহৰৰ ৰাস মহোৎসৱ ৷ ৰাস মহোৎসৱৰ বাবে ইতিমধ্যে প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল ৷ ৰাস মহোৎসৱৰ বাবে নিৰ্মাণ কৰা হ'ব প্ৰায় ৬ শতাধিক মৃন্ময় প্ৰতিমা ৷ শ্ৰীকৃষ্ণৰ লীলা বৰ্ণিত আৰু উপনিষদৰ আধাৰত আধ্যাত্মিক দিশৰ লগতে জাতীয় জীৱন প্ৰতিফলিত হোৱাকৈ বিভিন্ন মৃন্ময় মূৰ্তি নিৰ্মাণতো গুৰুত্ব আৰোপ কৰিছে হাউলী ৰাস উদযাপন সমিতিয়ে ৷ হাউলী ৰাস মহোৎসৱত এইবাৰ ধৰ্মীয় দিশৰ উপৰিও অসমৰ চাৰিজনা বৈষ্ণৱ গুৰু,লাচিত বৰফুকনৰ পৰা জয়মতী কুঁৱৰীলৈকে বীৰ বীৰাঙ্গনাসকল,লক্ষ্মীনাথ বেজবৰুৱা,জ্যোতি -বিষ্ণু আদি মনিষী সকলৰ লগতে অস্বিত্ব ৰক্ষাৰ সংগ্ৰামৰ শ্বহীদলৈকে বিভিন্ন বিষয় সামৰি নিৰ্মাণ কৰা হৈছে বিভিন্ন ধৰণৰ মৃন্ময় মূৰ্তি ৷ ধৰ্মীয় আধ্যাত্মিক দিশ,জাতীয় ইতিহাস আৰু সাহিত্য কলা সংস্কৃতিক মৃন্ময় মূৰ্তিৰ জৰিয়তে জীৱন্ত কৰি তুলিবলৈ হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে গ্ৰহণ কৰিছে অনবদ্য প্ৰয়াস ৷ উদযাপন সমিতিৰ এনে প্ৰয়াসেই হাউলী ৰাসক প্ৰদান কৰি আহিছে অনন্য মহত্ব ৷

১১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব হাউলীত ৰাস মহোৎসৱঃ প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃন্ময় শিল্পী

উল্লেখ্য যে ৰাস মহোৎসৱ পালনৰ ক্ষেত্ৰত উজনি আৰু নামনি অসমত আছে বৃহৎ পাৰ্থক্য ৷ নামনি অসমত মুলতঃ ৰামায়ণ,মহাভাৰত, বেদ উপনিষদ আদিত বৰ্ণিত বিভিন্ন আখ্যান,উপাখ্যান আদিৰ লগতে শ্ৰীকৃষ্ণৰ লীলাৰ আধাৰত নিৰ্মাণ কৰা মৃন্ময় প্ৰতিমাৰ জৰিয়তে উদযাপন মূল সম্ভাৰেই হৈছে বিভিন্ন ধৰণৰ মৃন্ময় মূৰ্তি ৷

লগতে পঢ়ক:মৰিগাঁৱত প্ৰগতিশীল ছাগলী পালকৰ ফাৰ্ম পৰিদৰ্শন ৰাজ্যপাল জগদীশ মুখীৰ

ABOUT THE AUTHOR

...view details