অসম

assam

By

Published : Jun 1, 2020, 6:45 PM IST

ETV Bharat / state

আৰ্থিক সংকটত বৰপেটাৰ ভাই ভাই শালঘৰ বস্ত্ৰ উদ্যোগ

লক ডাউনৰ ফলত বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰকাপলা গাঁৱৰ ধ্ৰুৱ কুমাৰ দাসৰ “ভাই ভাই শালঘৰ” ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগটো এতিয়া ভীষণ আৰ্থিক সংকটত ৷

handloom_industry_problems_for_lockdown at Barpeta
আৰ্থিক সংকটত বৰপেটাৰ ভাই ভাই শালঘৰ বস্ত্ৰ উদ্যোগ

বৰপেটা,1 জুনঃ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰকাপলা গাঁৱৰ ধ্ৰুৱ কুমাৰ দাসৰ “ভাই ভাই শালঘৰ” ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগটোলৈ নামি আহিছে অমানিশা ৷ ক্ষুদ্ৰ উদ্যোগটোৰ স্বত্বাধিকাৰীৰ লগতে উদ্যোগটোত কৰ্মৰত কৰ্মচাৰীসকল সন্মুখীন হৈছে ভীষণ আৰ্থিক সংকটৰ ৷

আৰ্থিক সংকটত বৰপেটাৰ ভাই ভাই শালঘৰ বস্ত্ৰ উদ্যোগ

বিভিন্ন ৰঙৰ পাটৰ কাপোৰ উৎপাদন কৰা উদ্যোগটো বাৰ বছৰ পূৰ্বে বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল ধ্ৰুৱ কুমাৰ দাসে ৷ উদ্যোগটোৰ জৰিয়তে কৰ্মসংস্থাপন লাভ কৰিছিল 15 টা পৰিয়ালে ৷ লক ডাউনৰ বাবে সূতা ক্ৰয় কৰাত সমস্যাৰ সন্মুখীন হোৱা বাবে দুমাহে বন্ধ ৰাখিবলগীয়া হৈছে উদ্যোগটোত বস্ত্ৰ উৎপাদনৰ কাম ।

ইফালে অসম গ্ৰামীণ বিকাশ বেংকৰ বনিয়াকুছি শাখাৰ পৰা প্ৰায় দহ লাখ টকাৰ ঋণ লৈ ব্যৱসায় চলাই আছে ধ্ৰুৱ কুমাৰ দাসে। লক ডাউনৰ সময়ছোৱাত বেংকৰ কিস্তিও দিব পৰা নাই উদ্যোগটোৰ স্বত্বাধিকাৰীজনে। বৰকাপলাৰ ভাই ভাই শালঘৰ ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগটোলৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে উদ্যোগটোত জড়িত লোকসকলক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীলৈ আহ্বান জনাইছে শিপিনীসকলৰ লগতে উদ্যোগটোৰ স্বত্বাধিকাৰী ধ্ৰুৱ কুমাৰ দাসে ৷

লগতে পঢ়কঃ ভয়াৱহ বানৰ কৱলত ৰাজ্যঃ 7গৰাকীৰ মৃত্যু, লক্ষাধিক ক্ষতিগ্ৰস্থ

ABOUT THE AUTHOR

...view details