অসম

assam

By

Published : Sep 8, 2020, 4:36 PM IST

ETV Bharat / state

বৰপেটা জিলাৰ পঞ্চায়ত সচিব সংস্থাৰ অৱস্থান ধৰ্মঘট

বৰপেটাৰ ডুমুৰীয়া গাঁও পঞ্চায়তৰ সচিবক কৰা অমানৱীয় নিৰ্যাতনৰ সৈতে জড়িত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা, সচিব সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত বৰপেটাত গাঁও পঞ্চায়ত সচিব সংস্থাৰ অৱস্থান ধৰ্মঘট ৷

barpeta gp president dharmaghat
বৰপেটা জিলাৰ পঞ্চায়ত সচিব সংস্থাৰ অৱস্থান ধৰ্মঘট

বৰপেটা, ৮ ছেপ্টেম্বৰঃবৰপেটা জিলা গাঁও পঞ্চায়ত সচিব সংস্থাই মঙলবাৰে বৰপেটা জিলা পৰিষদৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি পঞ্চায়ত সচিব সকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু ডুমুৰীয়া গাঁও পঞ্চায়তৰ সচিব মনোৰঞ্জন দাসক কৰা অমানৱীয় নিৰ্যাতন কৰা ঘটনাৰ প্ৰতিবাদ জনায় ৷ উল্লেখযোগ্য যে, ৩১ আগষ্টত পাঠশালাৰ ডুমুৰীয়া গাঁও পঞ্চায়তৰ সচিব মনোৰঞ্জন দাস আৰু সভানেত্ৰীগৰাকীক একাংশ লোকে অমানৱীয় নিৰ্যাতন চলোৱাৰ লগতে শৰীৰৰ কাপোৰ কানি আজুৰি পেলোৱাৰ লগতে জোতা চেণ্ডেলৰ মালা পিন্ধাই চৰমভাৱে অপদস্থ কৰিছিল ৷

বৰপেটা জিলাৰ পঞ্চায়ত সচিব সংস্থাৰ অৱস্থান ধৰ্মঘট

অভিযুক্তসকলৰ গ্ৰেপ্তাৰৰ দাবীত বৰপেটা জিলা গাঁও পঞ্চায়ত সচিব সংস্থাই বিগত তিনিদিন ধৰি কৰ্মবিৰতি পালন কৰাৰ পিচতো অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে ৷ তাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে সচিব সন্থাই ৷ ইপিনে পঞ্চায়ত সচিব গৰাৰীক আক্ৰমণৰ সৈতে জড়িত অভিযুক্তসকলক গ্ৰেপ্তাৰৰ দাবীত ৩ ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলন চলাই অহা সচিব সকলে আজি অৱস্থান ধৰ্মঘট পালনৰ লগতে অহা ১০ ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিব বুলি সচিব সংস্থাই সদৰি কৰে ৷ ইয়াৰ লগতে PMGY ৰ আঁচনিৰ হিতাধিকাৰীৰ জিঅ' টেগৰ কাম ১০০ শতাংশ সম্পূৰ্ণ কৰাৰো দাবী তোলে গাঁও পঞ্চায়ত সচিব সন্থাই ৷

বৰপেটা জিলাৰ পঞ্চায়ত সচিব সংস্থাৰ অৱস্থান ধৰ্মঘট
লগতে পঢ়কঃ55 বছৰৰ মুৰত ফেৰীঘাট মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details