অসম

assam

ETV Bharat / state

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান - বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৫০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান উদযাপন(Barpeta Govt HS School celebrate 150 years Jubilee) । প্ৰতিকুল বতৰকো নেওচি উলিয়ালে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ।

Barpeta Govt HS School celebrate 150 years Jubilee
বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান

By

Published : Apr 23, 2022, 8:03 PM IST

বৰপেটা, ২৩ এপ্ৰিল: ডেৰশ বছৰ অতিক্ৰম কৰা বৌদ্ধিক তথা বিদ্যায়তনিক উৎকর্ষ সাধনৰ মহান মন্ত্রেৰে গঢ় লৈ উঠা বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত শনিবাৰে অনুষ্ঠিত হয় ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান । নামনি অসমৰ শৈক্ষিক উত্তৰণ আৰু মাৰ্গদর্শন প্রতিষ্ঠানস্বৰূপে ১৮৬৫ চনতে স্থাপন হোৱা আৰু ১৯৭১ চনত চৰকাৰীকৰণ হোৱা বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৰিমাময় ইতিহাস স্মৰণৰ উদ্দেশ্যে অনুষ্ঠিত হৈছে ডেৰশ বছৰীয়া জয়ন্তী(Barpeta Govt HS School celebrates 150 years Jubilee) ৷

বৃটিছৰ শাসন কালত বৰপেটা চহৰৰ মৰানদীৰ পাৰৰ প্ৰকৃতিৰ এক নৈসৰ্গিক স্থানত গঢ়ি উঠা নামনি অসমৰ অন্যতম শিক্ষানুষ্ঠান বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত অসমৰ এখন অন্যতম চৰকাৰী শিক্ষানুষ্ঠান হিচাপে জনাজাত । সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকা, যোগেন স্যান্নাল, কমলা কান্ত দাস, ৰাম চৰণ সিং, গোপাল গোবিন্দ কৰ, অম্বেশ ঘটক, কালী মোহন সেনগুপ্ত, গিৰীশ চন্দ্ৰ ৰায়চৌধুৰী আদি বহু বৰেণ্য ব্যক্তিত্বৰ শিক্ষকতাৰে বিদ্যালয়খনৰ ইতিহাস সমৃদ্ধ হৈ আছে ৷

আনহাতে এই বিদ্যালয়খনতে শিক্ষা গ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী, বৰ্তমানৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাষ্ট্ৰদূত গৌৰাংগলাল দাস, আই বিৰ সৰ্বভাৰতীয় সঞ্চালক তপন ডেকাৰ লগতে বহু প্ৰতিভাৱানে ৷

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান

আনকি ভাষাবিদ ড° বাণীকান্ত কাকতি, অম্বিকাগিৰি ৰায়চৌধুৰী, শিক্ষাবিদ কামেশ্বৰ দাস, কৰ্ণেল গুৰু প্ৰসাদ দাস, ড° হিৰণ্য কুমাৰ ভূঞা, জিতেন্দ্ৰনাথ দাস, ড° নিৰ্মল কুমাৰ চৌধুৰী, ড° গজেন্দ্ৰ নাথ তালুকদাৰ, প্ৰসন্নলাল চৌধুৰী, বীৰেশ্বৰ বৰুৱা, আদি অগণন বৰেণ্য ব্যক্তি, সাহিত্যিক তথা মহান ব্যক্তিসকলৰ লগতে দেশৰ দহৰ সমাজ জীৱনৰ বিভিন্ন দিশত অৰিহণা যোগোৱা অলেখ মানৱ সম্পদ গঢ় দিয়া শিক্ষানুষ্ঠানখনৰ ডেৰশ বছৰীয়া জয়ন্তীক লৈ বিদ্যালয়খনৰে জড়িত প্ৰতিজন ছাত্ৰ শিক্ষকৰ মনত বৈছে অপাৰ আনন্দৰ ঢৌ ৷

ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ অংশ হিচাপে আজি বিদ্যালয়খনৰ ন-পুৰণি ছাত্ৰ ছাত্ৰী শিক্ষক সকলৰ অংশগ্ৰহণেৰে বিদ্যালয়খনৰ সাংস্কৃতিক ঐতিহ্যৰ বার্তাবাহক হিচাপে বিশাল শোভাযাত্ৰা উলিওৱা হয় ৷

লগতে পঢ়ক:প্লাষ্টিকৰ বস্তাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details