সাৱধান!! সৰভোগত দিন দুপৰতে প্ৰৱঞ্চকে লুটিলে সোণৰ চেইন - Barpeta road
বৰপেটাৰ সৰভোগত বুধবাৰে দিনৰ পোহৰতে সংঘটিত হ'ল অঘটন ৷ সৰভোগ চহৰৰ দুই নম্বৰ ৱাৰ্ডৰ ধনঞ্জয় সাহাৰ পত্নীৰ ডিঙিৰ চেইন লৈ উধাও হয় দুই যুৱক ৷
![সাৱধান!! সৰভোগত দিন দুপৰতে প্ৰৱঞ্চকে লুটিলে সোণৰ চেইন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3605112-thumbnail-3x2-k.jpg)
বৰপেটাৰোড,19জুনঃ গ্লাছ টাইলছ কাহ পিতল সোণ আদি চাফা কৰিবলৈ আহি কৌশলেৰে সোণৰ অলংকাৰ লৈ যোৱা ঘটনাই চহৰ খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বুধবাৰে দুপৰীয়া এখন বাইকেৰে অহা দুজন যুৱকে নিজকে উজলা কোম্পানীৰ পৰা অহা বুলি পৰিচয় দি গ্লাছ, কাহ, পিতল, টাইলছ গডৰেজ সোণ ইত্যাদি তৎমুহূৰ্ততে চাফা কৰিব পৰা কিছু কেমিকেল জাতীয় সামগ্ৰী লৈ সৰভোগ চহৰৰ ধনঞ্জয় সাহাৰ ঘৰত উপস্থিত হৈছিল ৷ সেই সময়ত ঘৰখনত উপস্থিত নাছিল স্বামী ধনঞ্জয় সাহা ৷ পাছত ধনঞ্জয় সাহাৰ পত্নীক মাতি উজালা কোম্পানীৰ কেমিকেল বুলি কৈ তেওঁলোকৰ ঘৰৰ ভিতৰত থকা বিভিন্ন সা-সৰঞ্জাম চাফা কৰাৰ বাবে লৈ অহা কেমিকেল সম্পৰ্কে কথা পাতে ৷ লগতে বিভিন্ন সা সৰঞ্জাম চাফা কৰি দেখুৱাই দিয়াৰ পাছত ধনঞ্জয় সাহাৰ পত্নীৰ সোণৰ চেইনডাল বিচাৰে ৷ পত্নীয়ে প্ৰথম অৱস্থাত চেইনডাল যুৱকজনৰ হাতত দিবলৈ মান্তি হোৱা নাছিল যদিও পাচত তেওঁলোকৰ কথাত পতিয়ন গৈ চেইনডাল চাফা কৰিবলৈ দিয়ে ৷ কিন্তু মহিলাগৰাকীৰ অজ্ঞাতে চেইনডাল টিফিন বক্সৰ ভিতৰত নাৰখি মাত্ৰ অলপমান পানী ভিতৰত ভৰাই টিফিন বক্সটো গেছত দিব লাগিব বুলি কৈ ১৫/২০ মিনিট পাছত খুলিবলৈ পৰামৰ্শ দি প্ৰৱঞ্চক দ্বয় সেই স্থানৰ পৰা আতৰি যায় ৷ পাছত ধনঞ্জয়ৰ পত্নীয়ে টিফিন বক্সটো খুলি চাই ভিতৰত চেইনডাল নাপাই চিঞৰ বাখৰ লগায় ৷ ইপিনে এই ঘটনা সম্পৰ্কত সৰভোগ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ সৰভোগ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে যুৱকদ্বয়ক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷